ETV Bharat / state

নিউ বঙাইগাঁও ৰেলৱে চিকিৎসালয়ৰ পৰা নিখোজ এজন ৰোগী - ৰজনী বণিক

নিউ বঙাইগাঁও ৰেলৱে চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰজনী বণিক নামৰ এজন ৰোগী দেওবাৰৰ পৰা অন্তৰ্ধান হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে  চাঞ্চল্যৰ ৷ নিউ বঙাইগাঁও ৰেলৱে  চিকিৎসালয়ত ৩ আগষ্ট তাৰিখে  জ্বৰ তথা দুৰ্বলতাজনিত ৰোগৰ বাবে ভৰ্ত্তি কৰা হৈছিল ৰেল বিভাগৰ কৰ্মচাৰী ৰজনী বণিকক

নিউবঙাইগাঁও ৰেলৱে চিকিৎসালয়ৰ পৰা নিখোজ এজন ৰোগী
author img

By

Published : Aug 5, 2019, 10:04 PM IST

চিৰাং,5 আগষ্ট : নিউবঙাইগাঁও ৰেলৱে চিকিৎসালয়ত ভৰ্তি হৈ থকা এজন ৰোগী দেওবাৰৰ পৰা অন্তৰ্ধান হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ নিউ বঙাইগাঁও ৰেলৱে চিকিৎসালয়ত ৩ আগষ্ট তাৰিখে জ্বৰ তথা দুৰ্বলতাজনিত ৰোগৰ বাবে ভৰ্ত্তি কৰা হৈছিল ৰেল বিভাগৰ কৰ্মচাৰী ৰজনী বণিকক ৷ ৰজনী বণিকৰ জীয়ৰী দুলুমণি বণিকৰ ভাষ্য অনুসৰি ৩ তাৰিখে ৰাতি তেখেতক চিকিৎসালয়ত ভৰ্তি হৈ থকা আন এজন ৰোগীয়ে ৰজনী বণিকৰ অৱস্থা সংকটজনক বুলি খবৰ দিয়াৰ পিছত ৪ তাৰিখে তেওঁ ৰাতিপুৱা প্ৰায় ১০ বাজি ৩০ মিনিটত চিকিৎসালয়ত আহি পায় ৷ কিন্তু সেইসময়ত অসুস্থ পিতৃ নাছিল চিকিৎসালয়ৰ বিছনাত ৷ চিকিৎসালয়ৰ কৰ্মীৰ লগতে কোনো ৰোগীয়েও দেউতাকৰ খবৰ দিব নোৱৰাত পুত্ৰ-কন্যাই সোমবাৰে নিউবঙাইগাঁও ডাংতল আৰক্ষী পহৰা চকীত দাখিল কৰে এজাহাৰ ৷ এই সম্পৰ্কত দায়িত্বহীন মন্তব্য কৰে চিকিৎসালয়খনৰ বৰ্তমানৰ দায়িত্বত থকা ড. তমঘ্ন দাসে ৷ তেওঁ কয় যে চিকিৎসালয়ত সুৰক্ষাৰ কৰ্মী কোনো ব্যবস্থা নাই , ৰোগী নিজে ওলাই গলে হাস্পতাল কৰ্তৃপক্ষই কোনো দায়িত্ব নাই ৷ আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলকো দুৰ্বব্যৱহাৰ কৰাৰ অভিযোগ ড. তমঘ্ন দাসৰ বিৰুদ্ধে ৷

নিউবঙাইগাঁও ৰেলৱে চিকিৎসালয়ৰ পৰা নিখোজ এজন ৰোগী

উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নে সেই নিখোজ ব্যক্তিজনক তৎকালে সন্ধান উলিওৱাৰ লগতে এই ঘটনাৰ বাবে দোষীক শাস্তিৰ দাবী জনায় ৷ ইউনিয়নৰ বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাসে কয় যে, এজন ব্যক্তি চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ লগে লগে তেওঁৰ সমস্ত দ্বায়িত্ব চিকিৎসালয়ত ওপৰত আহি পৰে ৷ নিখোজ বণিকৰ অনতিপলমে সন্ধান উলিওৱাৰ লগতে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী কৰে সম্পাদকজনে ৷

Intro:বঙাইগাঁও জিলাৰ নিউবঙাইগাঁওৰ ৰেলৱে চিকিৎসালয়ৰ পৰা ৰোগী নিৰুদ্দেশ । যোৱা তিনি মাৰ্চ ভৰ্তি কৰিছিল ৰেল কৰ্মচাৰী ৰোগীজনক ।

Body:নিউবঙাইগাঁও ৰেলৱে হস্পিতালত এডমিট হৈ থকা এজন পেচেণ্ট যোৱাকালিৰ পৰা অন্তৰ্ধান হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিবৰণী অনুসৰি ৰজনী বনিক্য (৫৯) নামৰ সৰভোগৰ বাসিন্দা তথা ৰেল বিভাগৰ স্থায়ী পথ ডিপাৰ্টমেণ্টৰ ৪৪ নম্বৰ গেংত ট্ৰেকমেনটেইনাৰ ৰূপে কৰ্মৰত ব্যক্তিজন যোৱা ৩ আগষ্ট তাৰিখে নিউ বঙাইগাঁও ৰেলৱে হস্পিতালৰ মেল ৱাৰ্ডত জ্বৰ তথা দুৰ্বলতাজনিত ৰোগৰ বাবে ভৰ্ত্তি কৰা হৈছিল ৷ ৰজনী বনিক্যৰ পুত্ৰী দুলুমণি বনিক্যৰ ভাষ্য অনুসৰি ৩ তাৰিখে ৰাতি তেখেতক আন এজন পেচেণ্টে ৰজনী বনিক্যৰ অবস্থা সংকটজনক বুলি খবৰ দিয়াৰ পিছত ৪ তাৰিখে তেওঁ ৰাতিপুৱা প্ৰায় ১০-৩০ বজাত হস্পিতাল আহি পায় ৷ হস্পিতালত আহি তেওঁ দেউতাকক নিজৰ বিচনাত নেদেখি খোজ খবৰ কৰে যদিও কোনেও তেওঁক সদুত্তৰ দিব নোৱাৰে ৷ হস্পিতাল কত্তৃপক্ষইও এই বিষয়ে একো খবৰ দিব নোৱাৰে ৷ অবশ্যে হস্পিতাল কত্তৃপক্ষই পুলিচক এই বিষয়ে অবগত কৰে ৷ এই সম্পৰ্কত কোনো ফালৰপৰা কোনো সহাৰি নাপাই ৰজনী বনিক্যৰ পুত্ৰ-কন্যাই আজি নিউবঙাইগাঁৱ ডাংতল আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে ৷

এই সম্পৰ্কত হস্পিতালখনৰ বৰ্তমানৰ দায়িত্বত থকা ড. তমঘ্ন দাসে (মূখ্য বিষয়া ড. অজয় ৰায় বিভাগীয় কামত ৰঙিয়াত থকা বাবে )দায়সৰা মন্তব্য কৰে ৷ তেওঁ কয় যে হস্পিতালত চিকিউৰিটিৰ ব্যবস্থা নাই , পেচেণ্ট নিজে ওলাই গলে হস্পিতাল কত্তৃপক্ষৰ কোনো দায়িত্ব নাই ইত্যাদি ইত্যাদি ৷ আনহাতে ড. তমঘ্ন দাসে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলকো দূৰ্ব্যবহাৰ কৰে ৷
পুলিচে এই সন্দৰ্ভত এটি কেচ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷।

বাইট : তিনিটা বাইট দিলো ।

Conclusion:উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নে সেই নিখোজ ব্যক্তিজনক তৎকালে সন্ধান কৰাৰ লগতে এই ঘটনাৰ বাবে দোষী সকলোৰে শাস্তিৰ দাৱী জনায় ৷ ইউনিয়নৰ বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাসে কয় যে এজন ব্যক্তি হস্পিতালত ভৰ্ত্তি হোৱাৰ লগে লগে তেওঁৰ সমস্ত দ্বায়িত্ব হস্পিতালৰ ওপৰত আহি পৰে ৷ “যি সময়ত হস্পিতালখনত ২৪ ঘণ্টাই ডক্টৰ নাৰ্ছ তথা আন কৰ্মচাৰীৰ ডিউটি থাকে , বিশেষকৈ সেই কোঠাটোতো দুজন মানুহৰ ডিউটি থাকে , তেনেস্থলত মানুহ এজন কেনেকৈ নোহোৱা হব পাৰে ৷ আৰু চিকিৎসাধীন ৰোগীক নিজে বিচনাৰ পৰা উঠি যাবলৈ দিয়া হ’ল কিয় ? আমি নিখোজ বনিক্যৰ অনতিপলমে সন্ধান উলিওৱাৰ লগতে এই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছো,” তেওঁ কয় ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.