ETV Bharat / state

Poor Road Condition: পথাৰ সদৃশ পথৰে ঠেলাগাড়ীত তুলি চিকিৎসালয়লৈ নিলে ৰোগীক

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কাছাৰপেটীত পথৰ দুৰৱস্থাৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিব লগা হৈছে ঠেলাত ৷ সাংসদ আব্দুল খালেক, স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, পঞ্চায়ত সভাপতি মীৰ ইমৰান হুছেইনে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ ৰাইজৰ এই সমস্যাৰ সময়ত সাংসদ আৰু বিধায়ক ক'ত হেৰাল বুলিও প্ৰশ্ন কৰিছে ৰাইজে (Pathetic road at Bongaigaon) ৷

Etv BharatPoor Road Condition at Bongaigaon
উন্নয়ন বিছাৰি হাবাথুৰি খাইছে সাধাৰণ ৰাইজে
author img

By

Published : Apr 25, 2023, 3:20 PM IST

প্ৰসহনলৈ পৰিণত উন্নয়নৰ প্ৰতিশ্ৰুতি

চিৰাং, 25 এপ্ৰিল: উন্নয়নৰ ফটা ঢোল কোবোৱা চৰকাৰৰ দিনত এতিয়া উন্নয়ন বিছাৰি হাবাথুৰি খাইছে ভিতৰুৱা অঞ্চলৰ সাধাৰণ ৰাইজে ৷ বাট-পথৰ উন্নয়ন এনেবোৰ অঞ্চলত যেন মাথোঁ এক অলীক সপোন ৷ ৰাজ্যৰ বাট-পথৰ উন্নয়নৰ নামত চৰকাৰে যিমানেই কথাৰ ফুলজাৰী নামাৰক কিয়, এতিয়াও যে ৰাস্তা-ঘাটৰ নামত বহু অঞ্চলত সাধাৰণ ৰাইজে যমৰ যাতনা ভোগ কৰি আহিছে তাক বুজা যায় ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ কিছু দৃশ্য দেখিলে ৷

ৰাস্তা-ঘাট বনোৱাৰ নামত উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিয়েই প্ৰতিশ্ৰুতি পাহৰি মন্ত্ৰী-বিধায়ক সকলো ব্যস্ত হৈ পৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিত ৷ প্ৰসহনলৈ পৰিণত হয় উন্নয়নৰ প্ৰতিশ্ৰুতি ৷ কেৱল চৰকাৰী নথি-পত্ৰ, শ্ল'গানতেই সীমাবদ্ধ হৈ ৰয় ৰাইজৰ উন্নয়ন (Poor Road Condition in Assam) ৷

পৰিৱৰ্তনকামী চৰকাৰৰ বাস্তৱ ৰূপ প্ৰতিফলিত হৈছে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কাছাৰপেটীত ৷ ৰাস্তাৰ দুৰৱস্থাই জলা-কলা খুৱাইছে কাছাৰপেটীবাসীক ৷ পথাৰ সদৃশ পথেৰেই এতিয়া যাতায়ত কৰিব লগা হৈছে অঞ্চলবাসীয়ে ৷ কাণসাৰ নাই জনপ্ৰতিনিধিৰ (Road Condition in North Abhayapuri Constituency) ৷

দ্ৰুত উন্নয়নৰ শ্ল'গান দিয়া চৰকাৰৰ দিনত পথৰ দুৰৱস্থাৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিব লগা হৈছে ঠেলাত ৷ এই কৰুণ দৃশ্য বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কাছাৰপেটীৰ ৷ পথৰ দুৰৱস্থাৰ বাবে এম্বুলেঞ্চ সোমাব নোৱাৰাত ঠেলাত চিকিৎসালয়লৈ নিব লগা হৈছে ৰোগীক ৷ কাছাৰপেটী গাঁও পঞ্চায়তৰ এই পথেৰে পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মচাৰী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে বহুলোকে দৈনিক যাতায়ত কৰে (Poor Road Condition in Kacharipeti Bongaigaon) ৷

স্থানীয় ৰাইজে পথচোৱা মেৰামতিৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও সাংসদ আব্দুল খালেক, স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, পঞ্চায়ত সভাপতি মীৰ ইমৰান হুছেইনে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে ৷ ৰাইজৰ এই সমস্যাৰ সময়ত সাংসদ আৰু বিধায়ক ক'ত হেৰাল বুলিও প্ৰশ্ন কৰিছে ৰাইজে (Poor Road Condition at Bongaigaon) ৷

লগতে সাংসদ আব্দুল খালেক, স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে ভুৱা প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহি এতিয়া ৰাইজৰ সমস্যালৈ পিঠি দিয়া কাৰ্যৰ গৰিহণা দি ইয়াৰ প্ৰত্যুত্তৰ সময়ত তেওঁলোকক দিয়া হ'ব বুলিও মন্তব্য কৰিছে ৰাইজে ৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাজ ধৰ্ম পালন কৰি, জাত-পাতৰ ৰাজনীতি পৰিহাৰ কৰি ৰাইজৰ সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে স্থানীয় লোকে, লগতে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে ৷ অন্যথা আগন্তক নিৰ্বাচনত সকলো ৰাইজ একগোট হৈ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক: Keshab Mahanta Meeting with JICA : গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.