ETV Bharat / state

মাছ ধৰা জালক কেন্দ্ৰ কৰি মাণিকপুৰত সংঘৰ্ষ; নিহত এজন

author img

By

Published : Jul 4, 2022, 10:50 PM IST

মাণিকপুৰৰ ঝাউবাৰীত মাছ ধৰা জালক কেন্দ্ৰ কৰি সংঘৰ্ষ (Clash over fishing net in Manikpur) । এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন (A man killed in a clash over fishing nets) ।

Clash over fishing net in Manikpur
মাণিকপুৰ চুৰীৰ ঘাপত নিহত এজন, আহত এজন

বঙাইগাঁও, 4 জুলাই : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঝাউবাৰী দক্ষিণ পাৰাত মাছ ধৰা জালক লৈ সোমবাৰে দুইপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়(Clash over fishing net in Manikpur) ৷ পৰৱৰ্তী সময়ত কাজিয়াই সংঘৰ্ষৰ ৰূপ লয় ৷ ঘটনাটোত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এজন (A man killed in a clash over fishing nets)। নিহত লোকজন দেৱব্ৰত পাটগিৰি আৰু আহতজন মনোৰঞ্জন ৰায় বুলি জানিব পৰা গৈছে ৷

সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০ মান বজাত মনোৰঞ্জন ৰায় আৰু দেৱব্ৰত পাটগিৰিৰ মাজত মাছ ধৰা জালক লৈ প্ৰথমতে কাজিয়াৰ সূত্ৰপাত হয় । পিছত দুয়োজনে দা আৰু কটাৰী লৈ কাজিয়াত লিপ্ত হয় ৷ এই ঘটনাত মনোৰঞ্জন ৰায়ৰ চুৰীৰ আঘাটত নিহত হয় দেৱব্ৰত পাটগিৰি ।

ইফালে মনোৰঞ্জন ৰায়ো গুৰুতৰভাৱে আহত হয় । সম্প্ৰতি দুয়োকে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৰখা হৈছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত(Manikpur police station) ।

লগতে পঢ়ক : Clash over fishing in Kalgachia: মাছ মৰালৈ দুই পক্ষৰ মাজত সংঘৰ্ষ; 4জনৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.