ETV Bharat / state

তিনি বছৰ পিচত ডিটেনচন কেম্পৰ পৰা মুকলি বঙাইগাঁৱৰ পাঁচ নাগৰিকক - তিনি বছৰ পিচত ডিটেনচন কেম্পৰ পৰা মুকলি বঙাইগাঁৱৰ পাঁচ নাগৰিকক

অৱশেষত মুকলি আকাশলৈ আহিল বিগত তিনি বছৰ কাল ডিটেনচন শিবিৰত কটোৱা বঙাইগাঁৱৰ পাঁচ নাগৰিক ৷ মুক্তি লাভ কৰা লোক কেইজন হৈছে দুখধন দাস (৫০),ৰতন বিশ্ৰাস(৫৫),ৰাজ কুমাৰ মণ্ডল(৪০),শান্তি বালা মণ্ডল (৬০),চাবিনা বেওৱা (৫৮) ৷

তিনি বছৰ পিচত ডিটেনচন শিবিৰ পৰা মুকলি বঙাইগাঁৱৰ পাঁচ নাগৰিকক
author img

By

Published : Nov 9, 2019, 10:40 AM IST

বঙাইগাঁও, 9 নৱেম্বৰ: সন্দেহযুক্ত বিদেশী নাগৰিকৰ অভিযোগত অভিযুক্ত হৈ ডিটেনচন কেম্পত তিনিবছৰে বন্দীত্বৰ জীৱন কটোৱা বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী পুৰুষ-মহিলা শুকুৰবাৰে আহিল মুকলি আকাশৰ তললৈ ৷ শুকুৰবাৰে বিয়লি বঙাইগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিদেশী ন্যায়াধীকৰণ বিভাগ,আৰক্ষী বিভাগৰ যাৱতীয় কাম কাজ সম্পূৰ্ণ হৈ উঠাত জিলাখনৰ তিনিগৰাকী পুৰুষ আৰু দুগৰাকী বন্দী মহিলাই ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰে ৷ অৱশ্যে উল্লিখিত পাঁচগৰাকী লোকে ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰিলেও আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণ আদালতৰ স'তে যোগাযোগ অব্যাহত ৰাখিব লাগিব ৷

ডিটেনচন শিবিৰ পৰা মুকলি বঙাইগাঁৱৰ পাঁচ নাগৰিক

উল্লেখ্য যে,গোৱালপাৰা ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰা লোক তিনিজন হৈছে যোগীঘোপা থানাৰ অধীনৰ কচুদোলা গাঁৱৰ দুখধন দাস (৫০), মাণিকপুৰ থানাৰ অধীনৰ গেৰুকাবাৰীৰ ৰতন বিশ্ৱাস (৫৫) আৰু অভয়াপুৰী কাছাৰীপেটিৰ ৰাজ কুমাৰ মণ্ডল (৪০) ৷ ইপিনে কোকৰাঝাৰ ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰা মহিলা দুগৰাকী হৈছে মাণিকপুৰ থানাৰ অন্তৰ্গত নগৰঝাৰৰ শান্তি বালা মণ্ডল (৬০) আৰু অভয়াপুৰী অঞ্চলৰ চাবিনা বেওৱা (৫৮) ৷

তিনি বছৰ পিচত ডিটেনচন কেম্পৰ পৰা মুকলি বঙাইগাঁৱৰ পাঁচ নাগৰিকক

সন্দেহজনক বিদেশী নাগৰিকৰ অভিযোগত অভিযুক্ত হৈ বিগত তিনি বছৰো অধিক কাল বন্দীত্বৰ জীৱন কটাইছিল ৷ বন্দীত্বৰ জীৱন কটাই মুকলি আকাশৰ তললৈ অহা আটাইকেইজন লোকেই নিজকে ভাৰতীয় বুলি উল্লেখ কৰে ৷ নিজৰ পূৰ্বপুৰুষৰ নথিত নামৰ সামান্য ভুলৰ বাবেই এই দৰে বন্দিত্বৰ জীৱন কটাবলগীয়া হ’ল বুলি প্ৰকাশ কৰে ।

গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰা বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অধীনৰ কচুদোলা গাঁৱৰ দুখধন দাস (৫০)নামৰ লোকজনৰ পত্নীয়ে সংবাদ মাধ্যমক জনোৱা মতে তেখেতৰ স্বামী বন্দীত্বৰ জীৱন কটোৱা সময় ছোৱাত মনোৱাৰ হুচেইন নামৰ যোগীঘোপাৰ এগৰাকী সাংবাদিকে পৰিয়ালটিৰ যাৱতীয় খৰচ বহন কৰিছিল । সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি পৰিয়ালটিক ৰক্ষা কৰিছিল মনোৱাৰে । আজি তেখেতৰ স্বামী মুকলি আকাশৰ তললৈ অহাৰ লগে লগে আনন্দত আত্মহাৰা হয় পৰিয়োলটো ।

Intro:দীৰ্ঘ তিনি বছৰ কাল ডিটেনচন (বন্দি) শিবিৰত কটোৱা বঙাইগাঁৱৰ পাঁচ নাগৰিক মুকলি আকাশৰ তলত।

Body:বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ পাঁচ গৰাকী পুৰুষ-মহিলাই বিগত তিনি বছৰৰো অধিক কাল সন্দেহযুক্ত বিদেশী অভিযুক্ত হৈ ডিটেনচন(বন্দি) কেম্পত বন্দীত্ব জীৱন কটোৱাৰ পাছত আজি মুকলি আকাশৰ তললৈ আহে ৷ আজি আবেলি পৰত বঙাইগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিদেশী ন্যায়াধীকৰণ বিভাগ আৰক্ষী বিভাগৰ যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠাত জিলাখনৰ তিনি গৰাকী পুৰুষ আৰু দুগৰাকী বন্দী মহিলাই ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰে ৷ অৱশ্যে উল্লিখিত পাঁচ গৰাকী লোকে ডিটিনচন শিবিৰৰ পৰা মুক্তি লাভ কৰিলেও আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণ আদালতৰ স'তে যোগাযোগ অব্যাহত ৰাখিব লাগিব ৷ উল্লেখ্য যে গোৱালপাৰা ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰা লোক তিনিজন হৈছে যোগীঘোপা থানাৰ অধীনৰ কচুদোলা গাঁৱৰ দুখধন দাস(৫০), মাণিকপুৰ থানাৰ অধীনৰ গেৰুকাবাৰীৰ ৰতন বিশ্ৰাস(৫৫) আৰু অভয়াপুৰী কাছাৰীপেটিৰ ৰাজ কুমাৰ মণ্ডল (৪০) ৷ কোকৰাঝাৰ ডিটেনচন শিবিৰৰ পৰা মুক্তি লাভ কৰা মহিলা দুগৰাকী হৈছে মাণিকপুৰ থানাৰ অন্তৰ্গত নগৰঝাৰৰ শান্তি বালা মণ্ডল(৬০) আৰু অভয়াপুৰী অঞ্চলৰ চাবিনা বেওৱা (৫৮) ৷ সন্দেহজনক বিদেশী চিনাক্তকৰণ হৈ বিগত তিনি বছৰৰোধিক কাল বন্দীত্বৰ পৰা মুক্ত হোৱাত আজি নিজ নিজ পৰিয়ালৰ লোক সকলে উচ্ছাসেৰে ঘৰলৈ নিবলৈ অহা পৰিলক্ষিত হয় ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে বন্দিত্বৰ জীৱন কটাই মুকলি আকাশৰ তললৈ অহা আটাই কেইজন লোকেই নিজকে ভাৰতীয় বুলি কয় । নিজৰ পুৰ্বপুৰুষৰ সকলো নথী আছে আৰু নামৰ সামান্য ভূলৰ বাবেই এই দৰে বন্দিত্বৰ জীৱন কটাবলগীয়া হল বুলি প্ৰকাশ কৰে ।

বাইট দিলো ।

Conclusion:গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰা বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অধীনৰ কচুদোলা গাঁৱৰ দুখধন দাস(৫০)নামৰ লোকজন পত্নিয়ে সংবাদ মাধ্যমক জনোৱা মতে তেখেতৰ স্বামী বন্দিত্বৰ জীৱন কটোৱা সময় ছোৱাত মনোৱাৰ হুচেইন নামৰ যোগিঘোপাৰ এগৰাকি সাংবাদিকে পৰিয়ালটিৰ যাৱতীয় খৰচ বহন কৰিছিল । সম্প্ৰিতিৰ নিদৰ্শন দাঙী ধৰি আজি পৰিয়ালটিক ৰক্ষা কৰিছিল মনোৱাৰে । আজি তেখেতৰ স্বামী মুকলি আকাশৰ তলত অহাৰ লগে লগে আনন্দত আত্মহাৰা হয় । (লগো নোহোৱা মহিলা জনীৰ বাইট)

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.