বিশ্বনাথ, ৮ মে': সোমবাৰে বিশ্বনাথত পালন কৰা হয় বিশ্ব থেলাচেমিয়া দিৱস ৷ বিশ্বনাথ চাৰিআলি ৰক্ত ভাণ্ডাৰৰ উদ্যোগত, বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমীপত থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মিলন কক্ষত থেলাচেমিয়া দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা (World Thalassaemia Day observed in Biswanath) ৷
এই সভাত চিকিৎসা বিষয়া, স্বেচ্ছাসেৱী সংগঠন, ৰক্তদাতা, থেলাচেমিয়াত আক্ৰান্তৰ অভিভাৱক আৰু কেইবাগৰাকীও সাংবাদিকে অংশগ্ৰহণে কৰে ৷ দিনৰ 11 বজাত বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যতীন্দ্ৰ নাথ মেদকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশ্ব থেলাচেমিয়া দিৱসৰ বিশেষ সজাগতামুলক সভাখনিত এই দিনটোৰ তাৎপৰ্য, থেলাচেমিয়াৰ সবিশেষ আৰু ইয়াৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বিষয়ে বিস্তৃত আলোচনা হয় (World Thalassaemia Day) ৷
বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জোনালী গগৈয়ে দিৱসটিৰ লগতে অনুষ্ঠানটিৰ উদেশ্যে বাখ্যা কৰা সজাগতামূলক অনুষ্ঠানটিত মুখ্য চিকিৎসা বিষয়া ডাঃ যোগেন চন্দ্ৰ বেই থেলাচেমিয়াত আক্ৰান্তৰ বাবে ৰক্তদান, সামাজিক সংগঠন আদিৰ ভূমিকা তথা বিভাগীয় চিকিৎসা সম্পৰ্কীয় বিষয়সমূহ সামৰি বক্তব্য প্ৰদান কৰে ৷
লগতে সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰি মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া তথা বিশ্বনাথ চাৰিআলি ৰক্ত ভাণ্ডাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ গুঞ্জন পাঠকে ক্ৰমজমৰ জিনৰ বিসংগতিৰ বাবে হোৱা এক বংশগত ৰোগ থেলাচেমিয়াৰ বিষয়ে তথ্য সমৃদ্ধ ভাষন প্ৰদান কৰে এই সভাত (World Thalassaemia Day 2023) ৷
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া (মুখ্যালয়) ডাঃ এলিজা ডেকা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নৃপেন শইকীয়া, জ্যেষ্ঠ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জীৱন জ্যোতি তেলীৰ উপৰিও বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, ৰক্তভাণ্ডাৰৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী সংগঠন ৰংমন, ৰামধেনু, এটোপ, বিশ্বনাথ ব্লাড ডনৰ গ্ৰুপ, ৱাৰিয়ৰ আদিৰ প্ৰতিনিধিৰ লগতে থেলাচেমিয়াত আক্ৰান্তৰ অভিভাৱক, কিছু সংখ্যক ৰক্তদান কৰা ব্যক্তিকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰে এই সভাত ৷
সজাগতামূলক অনুষ্ঠানটিত থেলাচেমিয়াত আক্ৰান্তৰ একাধিক অভিভাৱকৰ উপৰিও আন কেইবাজনো ব্যক্তিয়ে থেলাচেমিয়াৰ সজাগতাৰ বিষয়ে বক্তব্য দাঙি ধৰে ৷ এই দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলি ৰক্ত ভাণ্ডাৰৰ উদ্যোগত 7 মে'ৰ পৰা 13 মে' পৰ্যন্ত ৰক্তদান কাৰ্যসূচীও মুকলি কৰা হৈছে, য'ত আগ্ৰহী ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰিব পাৰিব ৷ উল্লেখযোগ্য যে, থেলাচেমিয়া ক্ৰমজমৰ জিনৰ বিসংগতিৰ বাবে হোৱা এক বংশগত ৰোগ যাৰ ফলত শৰীৰৰ হিম’গ্লবিনৰ পৰিমাণ হ্ৰাস পায় আৰু ইয়াৰ ফলত এজন ব্যক্তি এনিমিয়াত ভুগিব পাৰে ৷
থেলাচেমিয়া ৰোগত শৰীৰত হিম’গ্লবিন কম পৰিমাণে উৎপাদন হয় অথবা লোহিত ৰক্ত কণিকা সমূহ সোনকালে ধ্বংস হয়, ফলত ৰক্ত কণিকা সমূহ হ্ৰাস পোৱাৰ ফলত হিম’গ্লবিনৰ পৰিমাণ হ্ৰাস পায় আৰু ইয়াৰ পৰিণতিত ব্যক্তি এজন এনিমিয়াত ভোগা দেখা যায় ৷ কম হিম’গ্লবিনৰ বাবে শৰীৰৰ কোষ সমূহে পৰ্যাপ্ত পৰিমাণে আক্সিজেন নাপায় আৰু স্বাভাৱিক কাৰ্য ক্ষমতা হ্ৰাস পায় ৷ উল্লেখযোগ্য যে 1994 চনৰ পৰাই প্ৰতি বছৰে 8 মে' দিনটো বিশ্বজুৰি বিশ্ব থেলাচেমিয়া দিৱস হিচাপে পালন কৰি অহা হৈছে ৷
লগতে পঢ়ক: World Red Corss Day 2023: ৰঙিয়াত বিশ্ব ৰেডক্ৰছ দিৱস পালন