ETV Bharat / state

জামুগুৰিহাটৰ বাপুজী ভৱনত দুখন শিশু নাট মঞ্চস্থ

জামুগুৰিহাটৰ বাপুজী ভৱনত কণ কণ শিশু শিল্পীৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক । বাপুজী ভৱনত মঞ্চস্থ হ'ল 'মকৰা' আৰু 'সৰস্বতী পূজাৰ আগদিন' শীৰ্ষক দুখন শিশু নাট । নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত আৰু জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত শিশু নাট দুখন প্ৰদৰ্শন কৰা হয় ।

জামুগুৰিহাটৰ বাপুজী ভৱনত শিশু নাট 'মকৰা', 'সৰস্বতী পূজাৰ আগদিন' মঞ্চস্থ

author img

By

Published : Dec 7, 2020, 7:51 PM IST

চতিয়া, ৭ ডিচেম্বৰ: কৰ'ণা মাহাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে বিগত ৯ মাহে শিশুসকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল । এন পৰিৱেশৰ পৰিৱৰ্তে আঁতৰাই অভিনয়ৰ জৰিয়তে জামুগুৰিহাটৰ শিশুসকলক প্ৰতিভা বিকাশৰ সুযোগ দিয়ে নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত আৰু জামুগুৰি সাংস্কৃতিক কেন্দ্ৰই । যোৱা ২২ নৱেম্বৰৰ পৰা মুখ্যমন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত নাট কৰ্মশালাৰ আৰম্ভ কৰা হৈছিল । সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত আৰু জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত এই কৰ্মশালাতে শিশুসকলক অভিনয়ৰ প্ৰশিক্ষণ দিয়া হৈছিল ।

দেওবাৰে বাপুজী ভৱনত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ প্ৰভাত গোস্বামীৰ 'মকৰা' আৰু 'সৰস্বতী পূজাৰ আগদিন' শীৰ্ষক দুখন শিশু নাট মঞ্চস্থ কৰে ন-শিকাৰুসকলে । জামুগুৰিহাটৰ বিশিষ্ট নাট্য শিল্পী তথা নাট পৰিচালক ৰঞ্জন কুমাৰ দাসে শিশুসকলক প্ৰশিক্ষণ দিয়ে । অভিনয়ৰ জৰিয়তে শিশুসকলে দৰ্শকৰ মন মোহিবলৈ সক্ষম হয় । প্ৰতিটো চৰিত্ৰই দৰ্শকক আপ্লুত কৰে । বিশেষকৈ 'সৰস্বতী পূজাৰ আগদিন' নাটকৰ ৰামুৰ চৰিত্ৰত অভিনয় কৰা ব্লেজ বৰা,নয়নৰ চৰিত্ৰত জিজ্ঞাস প্ৰতীম কলিতা আৰু ৰবীনৰ চৰিত্ৰৰ ভাৰ্গৱ ৰঞ্জন শইকীয়াৰ অভিনয় আছিল নিখুঁত আৰু শলাগ ল'বলগীয়া ।

'মকৰা' নাটখনত মকৰাৰূপী কণমানি কল্পান্ত দাসৰ ধৈৰ্যৰো শলাগ লয় সকলোৱে । নাট্যসন্ধাৰ শুভ উদ্বোধন কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰাই । তেখেতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এনে প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু ভৱিষ্যতে অধিক কাৰ্যসূচীৰে অঞ্চলটোক অধিক প্ৰাণৱন্ত কৰি ৰাখিব বুলি আশা ব্যক্ত কৰে ।শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া, বিশিষ্ট নাট্য শিল্পী জিতেন চন্দ্ৰ দাসে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত বাপুজী ভৱনত নাট্য সমাজৰ সম্পাদক বিকাশ বৰা আৰু যুৱ সমাজকৰ্মী মিংকু কলিতাক সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা সন্মান প্ৰদৰ্শন কৰা হয়।

লগতে পঢ়ক:গোৰেশ্বৰৰ পৰা বিটিচি নিৰ্বাচনৰ সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.