ETV Bharat / state

বিশ্বনাথৰ বিহালীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

বিহালীৰ নিজ বাঘমাৰীৰ ছোটপামত শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হয় ৷ অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় লোক সকলে ৷

Wild Elephant Terror At Biswanath District
বিশ্বনাথৰ বিহালীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Jun 20, 2020, 4:32 PM IST

বিশ্বনাথ, 20 জুনঃ বিশ্বনাথৰ বিহালীত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ ইতিমধ্যে অঞ্চলটোত বন্যহস্তীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাইজৰ ৷ বিশ্বনাথ জিলাৰ বিহালীৰ নিজ বাঘমাৰীৰ ছোটপামত শুকুৰবাৰে নিশা মাজ ৰাতি এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি তাণ্ড’ চলায় । বনৰীয়া হাতীটোৱে প্ৰায় পাঁচটা পৰিয়ালৰ ঘৰ,এখন ব্ৰইলাৰ ফ্ৰাম ধ্বংস কৰাৰ উপৰিও ধান,চাউল খাই তহিলং কৰে ৷ উক্ত ঘটনাত ইতিমধ্যে শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ সকল ৷

বিশ্বনাথৰ বিহালীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

আনহাতে,বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হোৱা পৰিয়ালকেইটাক চৰকাৰৰক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে বাঘমাৰী আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্য সকলে। উল্লেখ্য যে জৰাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰিণু বেগমৰ বাস গৃহৰ কাষতেই সংঘটিত হয় যদিও এই ঘটনাৰ কোনো বুজ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। অতি শীঘ্ৰে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- বাক্সাৰ উত্তৰকুছিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.