ETV Bharat / state

গহপুৰত কাছৰ মাংসৰ সৈতে আটক দুজন

author img

By

Published : May 27, 2021, 9:50 PM IST

গহপুৰৰ দিপৰা কঠালনিবাৰীত বুধবাৰে সন্ধিয়া কাছৰ মাংসসহ আটক দুজন ৷ এম্বুলেঞ্চেৰে কাছৰ মাংস লৈ গৈ থকা অৱস্থাত গহপুৰৰ দিগন্ত ভূঞা আৰু কাছৰ মাংস বিক্ৰেতা শশী দাসক আটক কৰে বনকৰ্মীৰ দলে ৷

two-arrested-with-turtle-meat
গহপুৰত কাছৰ মাংসৰ সৈতে আটক দুজন

বিশ্বনাথ,27 মে’ : বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ গমিৰি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কল্যাণী মন্দিৰৰ নিকটৱৰ্তী দিপৰা কঠালনিবাৰীত বুধবাৰে সন্ধিয়া কাছৰ মাংসৰ সৈতে আটক কৰা হয় দুজন লোকক ৷ সন্ধিয়া প্ৰায় 6.50 বজাত এম্বুলেঞ্চেৰে কাছৰ মাংস লৈ গৈ থকা অৱস্থাত আটক হয় লোক দুজন ৷

বিশ্ব কাছ দিৱসৰ এদিন পূৰ্বেই গমিৰি বনাঞ্চলিক কাৰ্যালয় বনপালক উত্তম চমুৱাৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে কাছৰ মাংসৰ সৈতে লোক দুজনক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা লোক দুজন ক্ৰমে গহপুৰৰ দিগন্ত ভূঞা আৰু কাছৰ মাংস বিক্ৰেতা শশী দাস । আটকাধীন দুয়োকে বৰ্তমান বিশ্বনাথ চাৰিআলিৰ বন বিভাগৰ কাৰ্যালয়ত সোধ-পোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মাঞ্জাত জব্দ 22 টাকৈ নথি-পত্ৰবিহীন চিলিণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.