DAC Election 2022: বিজেপিত যোগদান কৰিবলৈ নিদিয়ে ভূৱন গামে
এইবাৰ Action মুদত মাজুলীৰ বিধায়ক ভূৱন গাম (MLA Bhuban Gam)। দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক কেলঢোপ-কেলঢোপ কৰি থকা দল বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ ভূৱন গাম বিধায়ক হৈ থকালৈকে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত(DAC Election 2022) আন দলৰ প্ৰাৰ্থী জিকি বিজেপিত যোগদান কৰিবলৈ নিদিয়ে বুলিও ক’লে বিধায়কগৰাকীয়ে (Bhuban Gam DAC election campaigning)।
CM meeting with Matak organisation : মুখ্যমন্ত্ৰীৰে ডিব্ৰুগড় বিমানবন্দৰত মৰাণ-মটক সংগঠনৰ বৈঠক
ডিব্ৰুগড় বিমান বন্দৰৰ আছুতীয়া সভাকক্ষত বৃহস্পতিবাৰে মৰাণ-মটক সংগঠনৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ বৈঠকত মিলিত হয় (Assam Cm meeting with Moran Matak organisation)। মটক আৰু মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত গুৰুত্বপূৰ্ণ আলোচনা হয় এই বৈঠকত ।
Teacher beating students: স্কুলীয়া ছাত্ৰীক শিক্ষকৰ নিৰ্মম প্ৰহাৰ
ডিফুত উত্তপ্ত পৰিস্থিতি ৷ অভিযোগ অনুসৰি, স্কুলীয়া ছাত্ৰীক নিৰ্মম প্ৰহাৰ শিক্ষকৰ (Students brutally tortured by school teacher) ৷ শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত শিক্ষাৰ্থী ৷
Teacher irregularities : ১০ বজাৰ পাছতো বিদ্যালয়লৈ নাহে ছাৰ-বাইদেউ
শিক্ষা মন্ত্ৰীৰ গৃহ জিলা ধেমাজিৰ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নামানে চৰকাৰৰ নিৰ্দেশনা (Teachers do not follow govt directives)। ১০ বজাৰ পাছতো বিদ্যালয়ত উপস্থিত নহয় শিক্ষক-শিক্ষয়িত্ৰীসকল । যাৰ বাবে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থীসকলে ।
Smuggled cattle seized: কলিয়াবৰৰ অন্তৰ্গত শালনা কালাপানীত গৰুভৰ্তি বাহন জব্দ
চোৰাংভাৱে সৰবৰাহ কৰা গৰুকে ধৰি ইয়াৰ লগত জড়িত বিভিন্ন বাহন দৈনিক আৰক্ষীৰ জালত পৰি অহাৰ পাছতো অসাধু চক্ৰই ৰাজ্যৰ ভিন্ন প্ৰান্তত চলায়েই আহিছে পশুধনৰ সৰবৰাহ (Smuggling of livestock in Assam) ৷
Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা
আজিৰে পৰা 13 নৱেম্বৰলৈকে ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair To Be Held At Dhemaji)৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই অসম গ্ৰন্থমেলাত 100 ৰো অধিক কিতাপৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ৷ আজি বিয়লি প্ৰায় 4 বজাত গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷
Flood free Guwahati: এইবাৰ গুৱাহাটী পৌৰ নিগমে বানমুক্ত কৰিব গুৱাহাটীক
গুৱাহাটীবাসীক কৃত্ৰিম বান সমস্যাৰ পৰা সকাহ দিবৰ বাবে আহি আছে মিছন বানমুক্ত গুৱাহাটী (Mission Flood free Guwahati) ৷ ইয়াৰ অধীনত তৎকালীনভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি অনুষ্ঠিত এক বৈঠকত (GMDA review meeting)৷ বানমুক্ত গুৱাহাটীৰ বাবে ৰূপায়িত হ’বলগীয়া সকলোবোৰ প্ৰকল্পৰ ন’ডেল এজেন্সি হিচাপে গুৱাহাটী পৌৰ নিগমে দায়িত্ব পালন কৰিব ৷
Government policy on Assam-Meghalaya border : চৰকাৰৰ দিয়া লোৱা নীতিৰ বিৰুদ্ধে ডিফুত এ এছডিচিৰ প্ৰতিবাদ
অসম-মেঘালয় সীমান্তৰ(Assam-Meghalaya border) এক বৃহৎ ভূখণ্ড মেঘালয়ে দখল কৰাৰ লগতে বিবাদিত অঞ্চল হিচাবে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ ৷ ইয়াকে লৈ বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল ডিফু ৷
Elephant died in Goalpara: বোকাত আৱদ্ধ হৈ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু
গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু(Baby elephant died in Goalpara) ৷স্থানীয় লোকে জনোৱা অনুসৰি নিশাৰ ভাগত খাদ্যৰ সন্ধানত উলাই অহা দুটা হাতীৰ জাকৰ মাজত তয়া-ময়া ৰণ সংঘটিত হয় ৷ এই ঘটনাকতে বোকাত আৱদ্ধ হৈ হাতীৰ পোৱালিটোৰ মৃত্যু হয় ৷
Wine Shop Controversy: নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা আছুৰ
নতুনকৈ সুৰাৰ বিপনী খোলাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction about new wine shop license) । সমাজত নেতিবাচক প্ৰভাৱ পৰিব বুলি ইয়াৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা যোৰহাট আছু ৷