ETV Bharat / state

সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি - biswanath panpur

মথাউৰি নিৰ্মাণৰ নামত জল সম্পদ বিভাগৰ ভেকো ভাওনা ৷ প্ৰায় 4 লক্ষ মানুহৰ বাবে ভাবুকি কঢ়িয়াইছে বিশ্বনাথৰ পানপুৰ মথাউৰিয়ে ৷ পানপুৰ মথাউৰি মেৰামতিৰ কামত চৰকাৰে গাফিলতি কৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নুৰজামাল সৰকাৰে ৷

threat to biswanath panpur Dyke
সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি
author img

By

Published : Jun 10, 2020, 3:09 PM IST

বিশ্বনাথ, ১০ জুনঃ বৰ্তমানেও সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি ৷ মথাউৰি নিৰ্মাণৰ নামত ভেঁকোভাওনা জল সম্পদ বিভাগৰ ৷ ইয়াকে লৈ শংকিত বিশ্বনাথবাসী । বিভিন্ন ৰাজনৈতিক দলে ২০১২ চনৰ পৰাই বিশ্বনাথৰ পানপুৰ মথাউৰিক অস্ত্ৰ হিচাপে লৈ জনসাধাৰণৰ ওচৰত ভোট বিচাৰি যোৱা এটা আহিলাৰ দৰে হৈ পৰিছে । ইখন চৰকাৰৰ পাছত সিখন চৰকাৰ আহিছে কিন্তু বৰ্তমানলৈ সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱা নাই বিশ্বনাথ পানপুৰ মথাউৰি ।

সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি
২০১২ চনৰ পৰাই বিশ্বনাথৰ দক্ষিণত থকা প্ৰায় ৩ খন কৃষিজীৱি গাঁৱৰ ৰাইজে জীয়াতু ভুগি আহিছে । আনহাতে প্ৰতি বছৰে এই বিশ্বনাথ পানপুৰ মথাউৰিৰ ফলত হাজাৰ হাজাৰ লোকৰ ঘৰ-বাৰী,খেতি মাটি জাহ যায় ব্ৰহ্মপুত্ৰ নদীত ৷ উল্লেখযোগ্য যে,যোৱা ২০১২ চনত এই খহনীয়াৰ ফলত প্ৰায় ৪ লাখ লোকৰ ক্ষয় ক্ষতি হৈছিল যদিও এই মথাউৰিৰ পৰা সৃষ্টি হোৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমানেও চৰকাৰে কোনো গুৰুত্ব নিদিয়া বুলি মন্তব্য কৰে বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী নুৰজামাল সৰকাৰে ।

উল্লেখনীয় যে,এই মথাউৰিটো মেৰামতি কৰিবলৈ মাৰ্চ মাহৰ পূৰ্বে চৰকাৰক দাবী জনাইছিল প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে । জলসম্পদ মন্ত্ৰীয়েও মাৰ্চ মাহৰ ভিতৰত বিশ্বনাথ চাৰিআলি পানপুৰ মথাউৰিকে ধৰি অসমৰ বিভিন্ন দুৰ্বল ভঙা মথাউৰি মেৰামতি কৰা হ'ব বুলি সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে মথাউৰি সমূহ মেৰামতি কৰা কোনো তৎপৰতা দেখা নাই বুলি প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে । ইফালে এই বাৰিষাৰ সময়ত চৰকাৰে এম.জি.এনৰেগাৰ অধীনত যি বান্ধ মেৰামতি কৰিবলৈ বিচাৰিছে সেৱা কোনো ফল নধৰে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

ইফালে শীঘ্ৰে বিশ্বনাথৰ পানপুৰ মথাউৰি যদি জলসম্পদ বিভাগে মেৰামতি নকৰে নিশ্চয় অহা বাৰিষাত দক্ষিণ অঞ্চলৰ প্ৰায় দুশ গাঁও পানীত জাহ যোৱা সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী নুৰজামাল সৰকাৰে । আনহাতে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰে বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৰাইজৰ হৈ কোনো কাম নাই কৰা বুলি বিধায়ক গৰাকীক কঠোৰ সমালোচনা কৰে। নুৰজামাল সৰকাৰ বৰ্তমান বিধায়ক নহ'লেও তেওঁৰ সমষ্টিবাসীক বিপদৰ মুখলৈ ঠেলি দিব নোৱাৰে বুলি জনায় প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ কৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.