ETV Bharat / state

বিশ্বনাথৰ মন্দিৰত চোৰৰ লুটপাত: লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

author img

By

Published : Jun 25, 2022, 5:28 PM IST

ৰাজ্যৰ ধৰ্মীয়স্থানসমূহত চোৰৰ উপদ্ৰৱ বৰ্তমানো অব্যাহত(Theft at religious places in Assam) । বৰপেটাৰ বিভিন্ন সত্ৰত চোৰে চাফাই অভিযান চলাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত এইবাৰ বিশ্বনাথৰ ধৰ্মীয়স্থানত পৰিছে চোৰৰ চকু । শুকুৰবাৰে নিশা বিশ্বনাথৰ এক মন্দিৰত চোৰে অভিযান চলাই লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী ।

theft at temple in bishwanath
বিশ্বনাথৰ মন্দিৰত চোৰৰ লুটপাত: লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী

বিশ্বনাথ,২৫ জুন: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ধৰ্মীয়স্থানত বিভিন্ন সময়ত চোৰে চলাই আহিছে চাফাই অভিযান(Theft at religious places in Assam)। বিশ্বনাথ জিলাৰ ধৰ্মীয়স্থানতো পৰিছে চোৰৰ চকু । শুকুৰবাৰে নিশা সংঘটিত এক চুৰিকাণ্ডক লৈ বিশ্বনাথত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ।

শুকুৰবাৰে নিশা বিশ্বনাথ চাৰিআলি পানীভড়ালৰ ৰাধা কৃষ্ণ প্ৰাণামী মন্দিৰত(Krishna Pranami Temple Biswanath) সংঘটিত হ’ল চুৰিকাণ্ড । ১৯৬৮ চনতে স্থাপিত ঐতিহাসিক মন্দিৰটোৰ আলমিৰা আৰু দানপাত্ৰ ভাঙি চোৰে লুটি লৈ গ’ল লক্ষাধিক টকাৰ মূল্যৱান সামগ্ৰী । দানপাত্ৰ ভাঙি নিয়াৰ উপৰিও চোৰে লুটি নিলে মন্দিৰৰ দেৱবাদ্য ।

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পাছত শনিবাৰে পুৱাই বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মন্দিৰ পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰাৰ লগতে আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া । উল্লেখযোগ্য যে, এই মন্দিৰভাগত কিছুদিন পূৰ্বেও চোৰে চলাইছিল লুটপাত । কিন্তু বৰ্তমানলৈ সেই চুৰিকাণ্ডৰে জড়িত চোৰক কৰায়ত্ব কৰিব নোৱাৰাত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতো পঢ়ক: Maharashtra Political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ নতুন দল ঘোষণাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.