ETV Bharat / state

বিহালীত অব্যাহত বন্যহস্তীৰ তাণ্ডৱঃ হাতীৰ জাকে ভাঙিলে 3টাকৈ বাসগৃহ

author img

By

Published : Oct 21, 2019, 9:20 AM IST

বিহালীত বন্যহস্তীৰ তাণ্ডৱ ৷ হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে ৩ টাকৈ বাসগৃহ ৷ কথমপি প্ৰাণ ৰক্ষা ২ মহীয়া দেৱশিশু সহিতে পৰিয়ালকেইটাৰ ৷

বিহালীত বন্যহস্তীৰ জাকে ভাঙিলে 3টাকৈ বাসগৃহ

বিশ্বনাথ,20 অক্টোবৰঃ বিহালী খেলমাটিত দেওবাৰে নিশা বন্যহস্তীৰ জাকে ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বৰগাংস্থিত কেথলিক চিকিৎসালয়ৰ দেৱালৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ বনৰীয়া হাতীৰ পালটোৰ আক্ৰমণত ২ মহীয়া দেৱশিশু সহিতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

বিহালী সমষ্টিৰ খেলমাটিত যোৱা নিশা বন্যহস্তীয়ে তাণ্ডৱ চলাই চলাই ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । বাসগৃহ কেইটাত মজুত ৰখা চাউল, আটাকে ধৰি অন্যান্য সামগ্ৰী সমূহৰো ক্ষতি সাধন কৰে বন্যহস্তীয়ে । বন্যহস্তীৰ দলটোৱে বিহালীৰ ভীমদাংগা খেলমাটিৰ দীপক চুৰিণ, বিভাষ মাহেলি আৰু বাবলু ওৰাঙৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । ইফালে, বনবিভাগক খবৰ দিয়াৰ পাছতো পুৱা পৰ্যন্ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাই । চৰকাৰ তথা প্ৰশাসনক পৰিয়াল কেইটাই অতি সোনকালে কিছু হ'লেও আৰ্থিক সাহাৰ্য প্ৰদান কৰি স্বচ্ছল জীৱন নিৰ্বাহৰ সুবিধা প্ৰদান কৰাৰ আহ্বান জনাইছে ৷

বিহালীত বন্যহস্তীৰ জাকে ভাঙিলে 3টাকৈ বাসগৃহ

আৰু পঢ়ক

Intro:as_biswanath_801_20_oct__elephant__vis_byte_as10018_SDBody:as_biswanath_801_20_oct__elephant__vis_byte_as10018_SDConclusion:বিহালীত বন্যহস্তীৰ তাণ্ডৱ, ৩ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড, কথমপি প্ৰাণ ৰক্ষা ২ মহীয়া দেৱশিশু সহিতে পৰিয়াল কেইটাৰ

বিহালী খেলমাটিত নিশা বন্যহস্তীৰ তাণ্ডৱ, ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে কেথলিক চিকিৎসালয়ৰ দেৱালৰ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা ২ মহীয়া দেৱশিশু সহিতে পৰিয়ালকেইটাৰ
বিহালী সমষ্টিৰ খেলমাটিত যোৱা নিশা বন্যহস্তীয়ে তাণ্ডৱ চলাই চলাই ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । বাসগৃহ কেইটাত মজুত কৰি ৰখা চাউল, আটাকে ধৰি অন্যান্য সামগ্ৰী সমুহৰো ক্ষতি সাধন কৰে বন্যহস্তীয়ে । বন্যহস্তীৰ তাণ্ডৱত কথমপিহে প্ৰাণ ৰক্ষা পৰে এটি ২ মহীয়া দেৱশিশু সহিতে পৰিয়াল কেইটাৰ সদস্যসকলৰ । বন্যহস্তীৰ দলটোৱে বিহালীৰ ভীমদাংগা খেলমাটিৰ দীপক চুৰিণ, বিভাষ মাহেলি আৰু বাবলু ওৰাং ৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে । অন্যহাতে, বিহালীৰ কেটলাস্থিত কেথলিক মিছন চিকিৎসালয়ৰ কেইবাখনো পকী দেৱাল ভাঙি লণ্ড-ভণ্ড কৰে বন্যহস্তীয়ে ।
ইফালে, বন বিভাগক খবৰ দিয়াৰ পাছতো বন বিভাগে পুৱা পৰ্যন্ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল কেইটাই । এতিয়া, চৰকাৰ তথা প্ৰশাসনক পৰিয়াল কেইটাই আহ্বান জনাইছে যাতে অতি সোনকালে কিছু হ'লেও আৰ্থিক সাহাৰ্য প্ৰদান কৰি স্বচ্ছল জীৱন নিৰ্বাহৰ সুবিধা প্ৰদান কৰক ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.