ETV Bharat / state

সাধাৰণ লোকৰ দৃষ্টি আকৰ্ষণ কৰা এখন আৰক্ষী থানা

author img

By

Published : Apr 4, 2021, 12:38 PM IST

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা হাৱাজান আৰক্ষী চকীখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ আৰক্ষী চকীখনৰ চৌপাশে ফুলি উঠা তেজৰঙা বিভিন্ন ফুলে আকৰ্ষণ কৰিছে সকলোকে ৷ প্ৰকৃতিৰ বুকুলৈ বহাগ অহাৰ প্ৰাকক্ষণতে আৰক্ষী চকীখন এনেদৰে সজাই তুলিছে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াই ৷

হাৱাজান আৰক্ষী চকীৰ পৰিৱেশে হাতবাউল দি মাতিছে সকলোকে

বিশ্বনাথ,4 এপ্ৰিল: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ এখন ব্যতিক্ৰমী আৰক্ষী চকী । আৰক্ষী চকীখনলৈ আহিলে আপোনাৰ মন ভৰি পৰিব অনাবিল আনন্দ আৰু শান্তিৰে ৷ জিলাখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা হাৱাজান আৰক্ষী চকীখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ আৰক্ষী চকীখনৰ চৌপাশে ফুলি উঠা তেজৰঙা বিভিন্ন ফুলে আকৰ্ষণ কৰিছে সকলোকে ৷ প্ৰকৃতিৰ বুকুলৈ বহাগ অহাৰ প্ৰাকক্ষণতে আৰক্ষী চকীখন এনেদৰে সজাই তুলিছে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াই ৷

জন সাধাৰণৰ সেৱা কৰি থকাৰ সমান্তৰালভাৱে হাৱাজান আৰক্ষী চকীখনৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কৰ্তব্য মাজতে আজৰি সময় উলিয়াই সৃষ্টিশীল মনেৰে চৰকাৰী আৱাসগৃহৰ সন্মুখত আৰু থানাখনৰ চাৰিওফালে সুন্দৰ সুন্দৰ ফল-ফুলৰ পুলি ৰোপণ কৰি গঢ়ি তুলিছে এখন সুন্দৰ ফুলনি । ৬ মাহ পূৰ্বে থানাখনত যোগদান কৰা বিষয়াগৰাকীয়ে থানা চৌহদ চাফ-চিকুণ কৰি সহকৰ্মীসকলৰ লগত মিলি পৰ্যবসিত কৰিছে এখন বাগিচালৈ ৷

আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন শইকীয়াৰ অক্লান্ত পৰিশ্ৰম আৰু কনিষ্টবলসকলৰ একান্ত প্ৰচেষ্টাত চৌহদৰ লগতে চৰকাৰী আৱাসগৃহৰ সন্মুখত ঠন ধৰি উঠা নানাৰঙী ফুলে হাত বাউল দি মাতিছে সকলোকে ৷ বিষয়া গৰাকীৰ এনে প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰাৰ লগতে সৌন্দৰ্যৰ পূজাৰী নামেৰেও নামাকৰণ কৰিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক: কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে মেৰাপানীৰ এজন কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.