ETV Bharat / state

বিশ্বনাথৰ দিৰিং চাহ বাগিছাত তীব্ৰ উত্তেজনা - etv bharat assam

শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিছাৰ কাম বন্ধ কৰি ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিছাৰ চিকিৎসালয় ৷

বিশ্বনাথৰ দিৰিং চাহ বাগিছাত তীব্ৰ উত্তেজনা
author img

By

Published : Jun 3, 2019, 2:39 PM IST

বিশ্বনাথ,03 জুন : সোমবাৰে বিশ্বনাথ জিলাৰ দিৰিং চাহ বাগিছাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ ৰাজেন ৰাউতিয়া নামৰ এজন শ্ৰমিকে উপযুক্ত চিকিৎসা নোপোৱাৰ ফলত মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হয় ৷

বিশ্বনাথৰ দিৰিং চাহ বাগিছাত তীব্ৰ উত্তেজনা

ঘটনাৰ বিৱৰণী অনুসৰি পেটৰ বিষত আক্ৰান্ত হোৱা ৰাজেনক দেওবাৰে পুৱাই চাহ বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ দিনটো বাগিছাৰ চিকিৎসালয়তে ৰখা ৰাজেনক বিয়লি বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ ইফালে শ্ৰমিকজন অধিক অসুস্থ হোৱাৰ বাবে তেওঁক বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যু হয় শ্ৰমিক ৰাজেনৰ ৷ আনহাতে বাগিছাৰ চিকিৎসালয়ত 5 ঘন্টা ধৰি ৰখা ৰাজেনে উপযুক্ত চিকিৎসা লাভ নকৰাৰ ফলত ৰাজেনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে বাগিচাৰ শ্ৰমিকসকলে ৷ ইয়াৰোপৰি বাগিছা খনৰ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি ঔষধ পাতিৰ অভাৱৰ বিষয়ে শ্ৰমিকসকলে বাগিছাৰ কৰ্তৃপক্ষক অৱগত কৰি আহিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি ৰাজেনৰ উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ নিবলৈও বাগিছাৰ মালিক পক্ষই কোনো ধৰণৰ সুবিধা কৰি নিদিয়াৰ অভিযোগ তুলে শ্ৰমিক সকলে ৷

সেয়ে সোমবাৰে পুৱা শ্ৰমিকসকলে বাগিছাৰ কাম বন্ধ কৰাৰ লগতে,চিকিৎসালয় ঘেৰাও কৰি বাগিছাৰ পৰিচালকৰ লগতে চিকিৎসাকৰ্মী সকলক আবদ্ধ কৰি ৰাখে ৷ পৰৱৰ্তী সময়ত শ্ৰমিকসকলক বুজাবলৈ অহা, চাহ মজদুৰ সংঘৰ বিশ্বনাথ চাৰ্ক'লৰ সভাপতি নগেন গোৱালা আৰু একাংশ শ্ৰমিকৰ মাজত হতাহতিও হয় ৷ ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বালিচাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ক্ষুব্ধ ৰাইজে ওভতাই পঠিয়াই আৰক্ষীক ৷

as_biswanath_3_june_803_vis+byte_bagan_as10018

বিশ্বনাথৰ দিৰিং চাহ বাগিছাত তীব্ৰ উত্তেজনা

সোমবাৰে  বিশ্বনাথৰ দিৰিং চাহ বাগিছাত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷
 ৰাজেন ৰাউতিয়া নামৰ এজন শ্ৰমিকে  উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই উত্তেজনা ৷
 বাগিছাৰ কাম বন্ধ কৰি ক্ষুব্ধ  শ্ৰমিকে ঘেৰাও কৰিলে  বাগিছাৰ চিকিৎসালয় ৷ 

ঘটনা অনুসৰি পেটৰ বিষত আক্ৰান্ত  হোৱা ৰাজেনক দেওবাৰে পুৱাই চাহ বাগিচাৰ চিকিৎসালয়ত  ভৰ্তি কৰা হৈছিল

 ৷ দিনটো বাগিছাৰ চিকিৎসালয়তে ৰখা ৰাজেনক বিয়লি বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰন কৰে ৷
ইফালে শ্ৰমিক জনৰ অধিক অসুস্থ হোৱা বাবে 
  বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰলৈ মেডিকেল কলেজলৈ প্ৰেৰন কৰে যদিও গৈ থকা অৱস্থাতে  মৃত্যু হয় শ্ৰমিক  ৰাজেনৰ ৷ 

আনহাতে বাগিছাৰ  চিকিৎসালয়ত পাছ ঘন্টা ধৰি ৰখা ৰাজেনে উপযুক্ত চিকিৎসা লাভ নকৰাৰ বুলি  অভিযোগ উত্থাপিত কৰিছে বাগিচাৰ শ্ৰমিক সকলে । 
ইফালে  পুৱাই শ্ৰমিক সকলে বাগিছাৰ কাম বন্ধ কৰি চিকিৎসালয় ঘেৰাও কৰি আবদ্ধ কৰি ৰাখে বাগিছাৰ পৰিচালকৰ লগতে চিকিৎসা কৰ্মী সকলক ৷ পিছত শ্ৰমিকক বুজাবলৈ অহা চাহ মজদুৰ সংঘৰ বিশ্বনাথ চাৰ্কোলৰ সভাপতি নগেন গোৱালাৰ লগত একাংশ শ্ৰমিকৰ মাজত  হতাহতিও হয় ৷ 

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বালিচাং  আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ক্ষুব্ধ ৰাইজে ওভতাই পঠায় ৷
ইফালে বাগিছা খনৰ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি ঔষধ পাতিৰ অভাৱৰ বিষয়ে শ্ৰমিক সকলে বাগিছাৰ কৰ্তৃপক্ষক অৱগত কৰি আহিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা  গ্ৰহন নকৰা  অভিযোগ উঠিছে  কৰ্তৃপক্ষ বিৰুদ্ধে ।

 আনহাতে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ নিবলৈও বাগিছাৰ মালিক পক্ষই কোনো ধৰণৰ  সুবিধা কৰি নিদিয়াৰো অভিযোগ  কৰিছে শ্ৰমিক সকলে। 
উল্লেখযোগ্য যে বৰ্তমান অসমৰ আন আন চাহ বাগিচাৰ লগতে বিশ্বনাথ জিলা অৱস্থিত অধিকাংশ চাহ বাগিচাৰ চিকিৎসালয় বৰ্তমান নো নাই চিকিৎসক নাই চৰকাৰী ঔষধ ।
কিন্তু একাংশ চাহ পৰিচালক কাণ্ড হীন বাবে দিনক দিনে যে এতিয়া চাহ শ্ৰমিক মৃত্যু পৰিছে তাৰ এক এয়া উদাহৰণ ।

বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম

Video FTP plz check dest 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.