ETV Bharat / state

ঝাৰখণ্ডত শ্বহীদ অসমৰ জোৱানঃ শোকস্তব্ধ পৰিয়াল - Dumka encounter

দেওবাৰে ঝাৰখণ্ডৰ ডুমকাত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত জীৱন ত্যাগ কৰে অসমৰ বীৰ পুত্ৰ নীৰজ চেত্ৰীয়ে ৷ 2014 চনত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ 35 বেটেলিয়নত ভৰ্তি হৈছিল তেজপুৰৰ কাউৰী পথাৰ গাঁওৰ সাহসী যুৱক চেত্ৰীয়ে ৷

নীৰজ চেত্ৰী
author img

By

Published : Jun 2, 2019, 10:48 PM IST

বিশ্বনাথ, 2 জুনঃ ঝাৰখণ্ডত মাওবাদীৰে যুঁজি দেশৰ বাবে সৰ্বোচ্চ বলিদান অসম সন্তানৰ ৷ বিশ্বনাথৰ হেলেমৰ কাউৰীপথাৰ কাৰিবিল নেপালী গাঁৱৰ বাসিন্দা তথা টিকা বাহাদুৰ চেত্ৰী আৰু গংগা মায়া চেত্ৰীৰ দ্বিতীয় সন্তান নীৰজ চেত্ৰীয়ে দেওবাৰে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়ে ৷ পুত্ৰৰ সৰ্বোচ্চ বলিদানৰ কথা বৰ্তমানো জানিবলৈ দিয়া হোৱা নাই অসুখীয়া পিতৃ-মাতৃক ৷

ঝাৰখণ্ডত নিহত অসমৰ জোৱানঃ শোকস্তব্ধ পৰিয়াল

অধিক পঢ়কঃ ঝাৰখণ্ডত মাওবাদীৰে সংঘৰ্ষঃ নিহত অসমৰ জোৱান

ঝাৰখণ্ডৰ ডুমকাত হোৱা সংঘৰ্ষত চাৰিগৰাকী সতীৰ্থৰ সৈতে সুনিপুন যুদ্ধশৈলীৰে যুঁজি প্ৰাণ আহুতি দিয়ে চেত্ৰীয়ে ৷ সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চেত্ৰীক এয়াৰ এম্বুলেন্সেৰে ৰাঁচীৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে বীৰ জোৱানগৰাকীয়ে ৷ উল্লেখ্য যে, অহা ডিচেম্বৰ মাহত বিয়াৰ দিন ঠিক হৈ আছিল শ্বহীদ নীৰজৰ ৷

*ঝাৰখণ্ডত মাওবাদীৰ আক্রমনত নিহত হেলেমৰ সেনা জোৱান।

বিশ্বনাথ জিলা 
হেলেমৰ কাউৰীপথাৰ কাৰিবিল নেপালী গাৱঁৰ যুবকৰ ঝাৰখণ্ডত মাওবাদীৰ আক্রমনত মৃত্যু ।সেনা জোৱান জনৰ নাম নীৰজ ছেত্রী। 2014 চনত SSB ৰ ৩৫ নং বেটেলিয়ানত ভর্তি হৈছিল নীৰজে ।আজি পুৱা ঝাৰখণ্ডৰ ডুমকা নামৰ ঠাইত সংঘটিত হৈছিল মাওবাদী আৰু সেনাৰ মাজত সংঘৰ্ষ ।এই সংঘৰ্ষত এজন জোৱান নিহত হোৱাৰ উপৰিও চাৰি জন সেনা জোৱান আহত হৈছিল । নিহত শ্বহীদ জোৱানজন কাউৰীপথাৰ ৰ টিকা বাহাদুৰ ছেত্ৰী আৰু গংগা মায়া দেবীৰ দ্বিতীয় সন্তান নিৰজ ছেত্ৰী ।পিতৃ মাতৃ উচ্চ ৰক্তচাপত ভুগি থকাৰ বাবে বৰ্তমানেও জানিব দিয়া হোৱা নাই পুত্ৰ মৃত্যুৰ খবৰ । এই ক্ষেত্ৰত সংবাদ কৰ্মীকো আঁতৰাই ৰখা হৈছে। কোনেনো জানে বিধাতাৰ লিখন পৰিয়ালৰ লোকে জনোৱা মতে অহা ডিচেম্বৰত বিয়া বন্দোৱস্ত কৰা হৈছিল ছহিদ জোৱানজন নীৰজ। শ্বহীদ জোৱানজনৰ মৃত্যুত সমগ্ৰ হেলেম অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই ইটিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.