ETV Bharat / state

সন্দেহজনক নাগৰিকক বিধায়ক পদ্ম হাজৰিকাৰ সকীয়নি - জামুগুৰিহাট

"চতিয়া সমষ্টিত কোনো সন্দেহ জনক নাগৰিকক বাস কৰিবলৈ দিয়া নহ’ব৷ ভোটাৰ তালিকাত নাম নথকা ভিন্ন প্ৰান্তৰপৰা নিশাৰ ভিতৰতে আহি মোৰ সমষ্টিত অবৈধভাবে মাটি বেদখল কৰা কাৰ্য কেতিয়াও সহ্য নকৰো৷" -বিধায়ক পদ্ম হাজৰিকাই

সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা অশুভ শক্তিক কঠোৰ সকীয়নি বিধায়ক পদ্ম হাজৰিকাৰ
author img

By

Published : Sep 8, 2019, 3:20 PM IST

চতিয়া,8 চেপ্তেম্বৰঃ "চতিয়া সমষ্টিত কোনো সন্দেহ জনক নাগৰিকক বাস কৰিবলৈ দিয়া নহ’ব৷ ভোটাৰ তালিকাত নাম নথকা ভিন্ন প্ৰান্তৰপৰা নিশাৰ ভিতৰতে আহি মোৰ সমষ্টিত অবৈধভাবে মাটি বেদখল কৰা কাৰ্য কেতিয়াও সহ্য নকৰো৷ সময় থাকোতেই চৰ অঞ্চলত বেদখল কৰা সন্দেহ জনক নাগৰিক সকল আতৰি নগলে তেওঁলোকৰ ওপৰত অতি শীঘ্ৰে উচ্ছেদ চলোৱা হব৷"- জামুগুৰিহাটৰ লালেটাপুৰ লুঙি বজাৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুষ্ঠিত এক ৰাজহুৱা সভাত এইদৰে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷

সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা অশুভ শক্তিক কঠোৰ সকীয়নি বিধায়ক পদ্ম হাজৰিকাৰ

কিছুদিন পূৰ্ৱে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ চৰ চাপৰি এলেকাত সমষ্টিৰ বাহিৰৰ বহুসংখ্যক লোকে নিশাটোৰ ভিতৰতে আহি ঘৰ বনাই বসবাস কৰাৰ বিষয়ে সেই অঞ্চলৰে লোকসকলে বিধায়কগৰাকীক অৱগত কৰে ৷ পাচত সেই অঞ্চলসমূহত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে জৰীপ কৰিবলৈ যোৱাৰ সময়ত একাংশ সন্দেহজনক লোকে বাধা দিয়ে ৷ কিন্তু প্ৰশাসনৰ সহায়ত জৰীপ চলোৱাৰ অন্তত চৰকাৰীভাৱে ২৭০ টা সন্দেহজনক নাগৰিকৰ পৰিয়ালক জাননী দিয়া হৈছে যদিও পৰিকল্পিতভাৱে এক দুষ্ট চক্ৰই সমষ্টিটোৰ হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক উচ্ছেদৰ জাননী দিয়া বুলি অপপ্ৰচাৰ চলাইছে ৷ যাৰ বাবে শনিবাৰে এক সভাত এই অসাধু চক্ৰটোক বিধায়ক পদ্ম হাজৰিকাই সকিয়নি প্ৰদান কৰে ৷ আনহাতে চৰকাৰী মাটি সমুহ বেদখল মুক্ত কৰি প্ৰকৃত নাগৰিক সকলক মাটিৰ ম্যাদি পট্টাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷

Intro:
চতিয়া,৮ চেপ্তেম্বৰ -চতিয়া সমষ্টিত কোনো সন্দেহ জনক নাগৰিকক বাস কৰিবলৈ দিয়া নহ’ব৷ভোটাৰ তালিকাত নাম নথকা সন্দেহজনক নাগৰিকক কেতিয়াও মোৰ সমষ্টিৰ মাটি বেদখল কৰিবলৈ নিদিওঁ৷ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা নিশাৰ ভিতৰতে আহি মোৰ সমষ্টিত অবৈধভাবে মাটি বেদখল কৰা কাৰ্য কেতিয়াও সহ্য নকৰো৷সময় থাকোঁতেই চৰ অঞ্চলত বেদখল কৰা সন্দেহ জনক নাগৰিক সকল আতৰি নগলে তেঁওলোকৰ ওপৰত অতি শীঘ্ৰে উচ্ছেদ চলোৱা হবই৷জামুগুৰিহাটৰ লালেটাপুৰ লুঙি বজাৰৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুষ্ঠিত এক ৰাজহুৱা সভাত এইদৰে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷Body:জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ চৰ চাপৰি এলেকাত সমষ্টিৰ বাহিৰৰ বহুসংখ্যক লোকে নিশাটোৰ ভিতৰতে আহি ঘৰ বাৰী বনাই বসবাস কৰাৰ বিষয়ে সেই অঞ্চলৰে লোকসকলে বিধায়কগৰাকীক অৱগত কৰোৱাত কিছুদিন পূৰ্ৱে সেই অঞ্চলসমুহত চৰকাৰী বিষয়া কৰ্মচাৰীসকল উপস্থিত হৈ জৰীপ কৰিবলৈ যোৱাৰ সময়ত বাধা দিছিল একাংশ সন্দেহজনক লোকে৷কিন্তু পৰৱৰ্তী সময়ত সেইস্থানত প্ৰশাসনৰ সহায়ত জৰীপ চলোৱাৰ অন্তত চৰকাৰীভাৱে ২৭০টি সন্দেহজনক নাগৰিকৰ পৰিয়ালক জাননী দিয়া হৈছে যদিও পৰিকল্পিতভাৱে এক দুষ্ট চক্ৰই সমষ্টিটোৰ হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক উচ্ছেদৰ জাননী দিয়া বুলি যি প্ৰচাৰ চলাইছে সেয়া এক অপপ্ৰচাৰ বুলি কয় বিধায়ক হাজৰিকাই৷ভূৱা তথ্যৰে ২০-২৫ হাজাৰ লোকক উচ্ছেদ চলোৱা হব বুলি সংখ্যালঘু ৰাইজৰ মাজত দিনে-নিশাই অপপ্ৰচাৰ চলাই আহিছে এই অসাধু চক্ৰটোৱে ৷ সংখ্যালঘু অঞ্চলত অসাধু চক্ৰটোৱে পূৱতি নিশা পৰ্যন্ত সভা কৰি সংখ্যালঘু ৰাইজক বিপথে পৰিচালিত কৰাই নহয় অঞ্চলটোৰ ৰাইজৰ মাজত আতংকিত পৰিবেশৰ সৃষ্টি কৰিছে৷বিশ্বনাথ জিলা জমিয়ত উলেমা হিন্দৰ সভাপতি নুৰ আমিন কাছিমিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত এই অসাধু চক্ৰটোক সকিয়নি প্ৰদান কৰি বিধায়ক পদ্মই কয় - জাননী প্ৰেৰণ কৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাটো নিশ্চিত আৰু তাত চৰকাৰক কোনেও বাধা প্ৰদান কৰিব নোৱাৰে৷বাধা প্ৰদান কৰি একো লাভো নাই ৷Conclusion:অহা সপ্তাহৰ পৰা অঞ্চলটোত গুৱাহাটীৰ পৰা আহিব লগীয়া বিষয়া সকলে জৰীপ চলাব৷বাছি উলিয়াব প্ৰকৃত স্থায়ী নাগৰিক সকলক৷বেদখলী চৰকাৰী মাটি সমুহ বেদখল মুক্ত কৰি প্ৰকৃত নাগৰিক সকলক মাটিৰ ম্যাদি পট্টাৰ ব্যৱস্থা কৰা হব বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷
Byte পদ্ম হাজৰিকাা,বিধায়ক

Pransankar bhuyan
Sootea
Etv bharat (assam)
8/9/2019
08.09.2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.