ETV Bharat / state

বিশ্বনাথৰ বিহালীত প্ৰহসনত পৰিণত 1 কোটি 44 লাখ টকীয়া আঁচনি - গড়াখহনীয়া

2017-18 বৰ্ষত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰী অঞ্চলত গড়াখহনীয়া প্ৰতিৰোধৰ বাবে অহা 1.44 কোটি টকাৰ অপচয়

প্ৰহসনত পৰিণত ১ কোটি ৪৪ লাখ টকীয়া আঁচনি
author img

By

Published : Apr 19, 2019, 10:53 PM IST

বিশ্বনাথ,19 এপ্ৰিলঃ বিশ্বনাথ জিলাৰ বিহালীত অপচয় জলসম্পদ আঁচনিৰ ধন । প্ৰহসনত পৰিণত 1 কোটি 44 লাখ টকীয়া আচঁনি । 2017-18 বৰ্ষত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰী অঞ্চলত গড়াখহনীয়া প্ৰতিৰোধৰ বাবে অহা 1.44 কোটি টকীয়া আঁচনি ফুটুকাৰ ফেনত পৰিণত হয় ।

বিশ্বনাথৰ বিহালীত প্ৰহসনত পৰিণত ১ কোটি ৪৪ লাখ টকীয়া আঁচনি

বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰীত বিগত 2018 বৰ্ষত অহা প্ৰলয়ংকাৰী বানৰ ফলত সৃষ্টি হোৱা গড়াখহনীয়া পৰিদৰ্শন কৰিবলৈ আহিছিল স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই আৰু সেই সময়ত শীঘ্ৰে গড়াখহনীয়া নিয়ন্ত্ৰণৰ বাবে জিঅ' বেগৰ বান্ধ নিৰ্মাণৰ আৰম্ভ কৰাৰ বাবে প্ৰতিশ্ৰুতিও দিছিল ৷ সেই মৰ্মে জিঅ' বেগ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হৈছিল । অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত তাৎক্ষণিক‌ ব্যৱস্থাৰ লালপুখুৰী আৰু ইয়াৰ সহযোগী অঞ্চলৰ বুৰৈ নদীৰ ক্ষতি আৰু পুনৰ সংস্থাপনৰ 2017-18 চনৰ আঁচনিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল গড়াখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ জিঅ' বেগৰ । কিন্তু, পৰিতাপৰ বিষয় যে, 1 কোটি 44 লাখ টকাৰ ঠিকা লাভ কৰা ঠিকাদাৰ প্ৰদীপ কুমাৰ আগৰৱালাই নিৰ্ধাৰিত জোখতকৈ যথেষ্ট নিম্ন মানদণ্ডৰ কাম কৰিয়েই দায়িত্ব সামৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অন্যহাতে, আন একাংশই দাবী কৰিছে যে, ঠিকাদাৰ আগৰৱালাই বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ লগত কিবা গোপন বুজাবুজি কৰি এইদৰে প্ৰৱঞ্চনা কৰিছে সাধাৰণ ৰাইজক ।

SLUG :- A_BISWANATHA_ BEHALI _GARAKHAHANIYA_19A_801_802_VISUAL_SCRPT_PHOTO_SRIMANTA

বিশ্বনাথ জিলাৰ 
বিহালীত জলসম্পদ আঁচনিৰ ধন ধনসম্পদলৈ পৰ্যৱসিত,  প্ৰহসণত পৰিণত ১ কোটি ৪৪ লাখ টকীয়া আচঁনি 

  ৰাজ্যৰ পৰিবৰ্তনকামী  শূণ্যসহনশীল দূৰ্নীতি চৰকাৰৰ দিনত জল সম্পদ বিভাগ ধন সম্পদত পৰিণত ৷ 
জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ জল সম্পদ বিভাগৰ ধন ঠিকাদাৰৰ বাবে ধন ঘটা যন্ত্ৰ হৈ পৰা পৰিলক্ষিত হৈছে এতিয়া বিশ্বনাত ।

উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষত বিশ্বনাথ জিলাৰ 
 বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰী অঞ্চলত গড়াখহনীয়া প্ৰতিৰোধৰ বাবে অহা ১.৪৪ লাখ টকীয়া কামৰ নমুনা দেখিলে আপোনাৰ চকুৰ কপালত উঠিব ।

  জলসম্পদ বিভাগৰ চৰকাৰী ধনৰ আঁচনি একাংশ ঠিকাদাৰৰ ধন চপোৱা আঁচনিলৈ হে যে  পৰিণত হৈছে তাৰ এক উদাহৰণ এয়া বিহালী দৃশ্য ।
 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বান গড়াখহনীয়া নিয়ন্ত্ৰণ ও মথাউৰি নিৰ্মাণ ডেডলাইন প্ৰকাণ্ড শূণ্যত পৰিণত কাৰণ  শূণ্য সহণশীল, দূৰ্নীতিৰ কথা আওৰুৱা পৰিৱৰ্তনকামী চৰকাৰৰ শ্ল'গান ফুটুকাৰ ফেনত পৰিণত হৈছে যে এতিয়া ।

কাৰণ   বিহালী সমষ্টিৰ অন্তৰ্গত লালপুখুৰীত বিগত ২০১৮ বৰ্ষত অহা প্ৰলয়ংকাৰী বানৰ ফলত সৃষ্টি হোৱা গড়াখহনীয়া পৰিদৰ্শন কৰিবলৈ আহিছিল খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত । আৰু সেই সময়ত প্ৰতিশ্ৰুতি ও দিছিল উক্ত অঞ্চলত শীঘ্ৰে গড়াখহনীয়া নিয়ন্ত্ৰণৰলবাবে  জিঅ' বেগৰ বান্ধ নিৰ্মাণৰ আৰম্ভ কৰা কথা ৷ সেই মৰ্মে জিঅ' বেগ নিৰ্মাণৰ আধাৰশিলা ও স্থাপন কৰা হৈছিল । অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত তাৎক্ষণিক‌ ব্যৱস্থাৰ লালপুখুৰী আৰু ইয়াৰ সহযোগী অঞ্চলৰ বুৰৈ নদীৰ ক্ষতি আৰু পুনৰ সংস্থাপনৰ ২০১৭-১৮  চনৰ আঁচনিৰ দ্বাৰা
নিৰ্মাণ কৰা হৈছিল গড়াখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ জিঅ' বেগৰ । কিন্তু, পৰিতাপৰ বিষয় যে, ১ কোটি ৪৪ লাখ টকাৰ ঠিকা লাভ কৰা ঠিকাদাৰ প্ৰদীপ কুমাৰ আগৰৱালাই নিৰ্ধাৰিত জোখতকৈ যথেষ্ট নিম্ন মানদণ্ডৰ কাম কৰিয়েই দায়িত্ব সামৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অন্যহাতে, আন একাংশই দাবী কৰিছে যে, ঠিকাদাৰ আগৰৱালাই বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ লগত কিবা গোপন বুজাবুজি কৰি এইদৰে ৰাইজক প্ৰৱঞ্চনা কৰিছে । 

সমাগত বাৰিষা, বাৰিষা কি হ'ব, তেওঁলোকৰ সপোনৰ ঘৰখন বানে উটুৱাই লৈ যাব নেকি, কি হ'ব খেতি পথাৰৰ, এই কথাবোৰ ভাবিয়েই যেন গঞাৰ নিশাৰ টোপনি হৰিছে ৷

প্ৰশ্ন হয়, বিভিন্ন সভায়ে সমিতিয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই শূণ্য সহণশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই কিবা ব্যৱস্থা ল'ব নে, নে চকু মুদা কুলিৰ ভাওঁতে থাকিব সেয়াহে লক্ষ্যনীয় হ'ব অনাগত দিনত ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.