ETV Bharat / state

বিশ্বনাথত অস্ত্ৰ-শস্ত্ৰ আটক ছয়

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি গঁড় হত্যাৰ বাবে অস্ত্ৰ-শস্ত্ৰখিনি কঢ়িয়াই অনা হৈছিল আৰু বালিপুখুৰীত গঁড় হত্যাৰ লগত জড়িত এটা চক্ৰই সামগ্ৰীসমূহ চমজি লোৱাৰ কথা আছিল ৷

বিশ্বনাথত অস্ত্ৰ-শস্ত্ৰ আটক ছয়
author img

By

Published : Mar 28, 2019, 4:21 AM IST

বিশ্বনাথ, 28 মাৰ্চঃ বিশ্বনাথত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আৰক্ষীয়ে আটক কৰিছে ছয়জনক ৷ এখন চাৰিচকীয়া বাহনেৰে ডবকাৰ পৰা বিশ্বনাথলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে জব্দ কৰে অস্ত্ৰ-শস্ত্ৰসমূহ ৷ ছীটৰ তলৰ পৰা উদ্ধাৰ কৰা হয়৩০৩ ৰাইফল, চাইলেঞ্চাৰ আৰু ২০ জাঁই সজীৱ গুলী ৷ বিশ্বনাথ চাৰিআলি থানা সদৰৰ সন্মুখৰ পৰা জব্দ কৰা হয় সামগ্ৰীখিনি ৷As 02L 2367 নম্বৰৰ এল্ট' গাড়ীখন আহিছিল ডবকাৰ পৰা বিশ্বনাথৰ বালিপুখুৰীলৈ৷ আনহাতে আটক হোৱা লোককেইজন ক্ৰমে আহমদ আলী,ৰীণা বেগম,ইমৰান আলীআৰু হাচান আলী । ডবকাৰ চাংমাজি গাঁৱৰ ধৃত আটাইকেইজন একেটাপৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰিগঁড় হত্যাৰ বাবে অস্ত্ৰ-শস্ত্ৰখিনিকঢ়িয়াই অনা হৈছিল আৰু বালিপুখুৰীত গঁড় হত্যাৰ লগত জড়িত এটা চক্ৰই সামগ্ৰীসমূহ চমজি লোৱাৰ কথা আছিল ৷ আৰক্ষীয়ে পিচত ম'বাইলৰ ল'কেচন ট্ৰেক কৰি সামগ্ৰীসমূহ চমজি ল'বলৈ ৰৈ থকা চক্ৰটোৰ দুজন লোকক বিশ্বনাথ চাৰিআলিৰ দ'গাঁৱত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কাষতে থকা ৰদালি ধাবাৰ সমীপৰ পৰা কৌশলৰে আটক কৰিবলৈ সক্ষম হয় ৷ লোক দুজন বালিপুখুৰীৰ নুৰ হ'ক আৰু চান্দ মিঞা ৷

Slug:- A_Biswanath_Arms Recover_27M_801_809_Photo_Scrpt_Srimanta 

#পুনৰ গড় হত্যাৰ পৰিকল্পনা ব্যৰ্থ
# ৩০৩ ৰাইফল,  চাইলেঞ্চাৰ আৰু ২০ জাই সজিৱ গুলি জব্দ :: সকলো সামগ্ৰী পৃথক পৃথক কৈ লুকুৱাই ৰক্ষা হৈছিল গাড়ীৰ ভিতৰৰ বিভিন্ন স্থানত
# এল্ট্ৰ গাড়ীৰ চিতৰ তলত লুকুৱাই ডবকাৰ পৰা বিশ্বনাথলৈ সৰবৰাহৰ চেষ্টা সামগ্ৰী সমূহ 
# ৪ জন সৰবৰাহকাৰী আৰু সামগ্ৰী সমূহ চমজি লৱলৈ ৰৈ থকা ২ জন সহ মুঠ ৬ জনক আটক বিশ্বনাথ আৰক্ষীৰ

বিশ্বনাথ আৰক্ষীৰ তালাচীত উদ্ধাৰ হ'ল অস্ত্ৰ । আজি বিশ্বনাথ চাৰিআলি সদৰ থানাৰ সন্মুখত চলোৱা তালাচীৰ সময়ত এখন এল্ট্ৰ গাড়ীৰ পৰা উদ্ধাৰ হয় এটা ৰাইফল আৰু গুলী ৷ আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়ত উপস্থিত হোৱা গাড়ীখনত থকা চাৰিজন লোকৰ ব্যৱহাৰ আছিল আশ্বৰ্যকৰ ৷ গাড়ীখনত  প্ৰথমতে তালাচী চলাওতে পোৱা নাছিল কোনো আপত্তিজনক সামগ্ৰী ৷ কিন্তু গাড়ীখনত থকা লোক চাৰিজনৰ সন্দেহজনক চল চালনত প্ৰত্যক্ষ কৰি তন্ন কৈ তালাচী চলোৱাত চিতৰ তলত উদ্ধাৰ হয় ৩০৩ ৰাইফলৰ এটা অংশ ৷ ইয়াৰ পিচতে চাৰিওজনকে আটক কৰি আৰক্ষীয়ে গাড়ীখন জব্দ কৰি থানালৈ আনি তালাচী চলাওতে ওলাই পৰিল এটা এটা কৈ ৩০৩ ৰাইফলৰ অংশ ৷  বিশ্বনাথৰ DSP  মোজাফৰ হুছেইনৰ নেতৃত্বত চলা তালাচী অভিযানত জব্দ হোৱা    As 02L 2367 নম্বৰৰ ALTO গাড়ীখন আহিছিল ডবকাৰ পৰা বিশ্বনাথৰ বালিপুখুৰী অভিমূখে আহি ৷  ৩০৩ ৰাইফলটোৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে চাইলেনচাৰ , মেগজিন আৰু ২০ জাই সজীব গুলী ৷ সকলো সামগ্ৰী পৃথক পৃথক কৈ লুকুৱাই ৰক্ষা হৈছিল গাড়ীখনৰ ভিতৰৰ বিভিন্ন স্থানত ৷ আনহাতে ঘটনাৰ লগত জড়িত লোক কেইজন ক্ৰমে আহমদ আলি,ৰিণা বেগম,ইমৰান আলি আৰু হাচান আলি। ডবকাৰ চাংমাজি গাৱৰ ধৃত আটাইকেইজন একেটা  পৰিয়ালৰ লোক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্দেহ কৰা অনুযায়ী গড় হত্যাৰ বাবে সামগ্ৰী সমূহ কঢ়িয়াই অনা হৈছিল আৰু বালিপুখুৰীত গড় হত্যাৰ লগত জড়িত এটা চক্ৰই সামগ্ৰী সমূহ চমজি লোৱাৰ কথা আছিল ৷ আৰক্ষীয়ে পিচত মোবাইলৰ ল'কেচন ট্ৰেক কৰি সামগ্ৰী সমূহ চমজি লৱলৈ ৰৈ থকা চক্ৰটোৰ দুজন লোকক বিশ্বনাথ চাৰিআলিৰ দ'গাওত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কাষতে থকা ৰদালি ধাবাৰ সমীপৰ পৰা কৌশলৰে আটক কৰিবলৈ সক্ষম হয় বালিপুখুৰীৰ নুৰ হ'ক আৰু চান্দ মিঞাক ৷ আৰক্ষীয়ে  সমগ্ৰ পৰিকল্পনা ব্যৰ্থ কৰি ৰোধ কৰিবলৈ সক্ষম হল গড় হত্যা ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.