বিশ্বনাথ,17 জানুৱাৰী: আজি শিল্পী দিৱস ৷ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্ব বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ ৰাজ্যৰ আনসমূহ ঠাইৰ সমান্তৰালকৈ প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ নিৰ্মাণ স্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিছাতো বৰঙাবাৰী শিল্পী সমাজে শ্ৰদ্ধাৰে সুঁৱৰিছে শিল্পী গৰাকীক ৷ বৰঙাবাৰী শিল্পী সমাজে জ্যোতিপ্ৰসাদৰ আৱক্ষয় মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতৰ কালজয়ী গীতেৰে সুঁৱৰিছে বিশ্ব বৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক ৷ জ্যোতিৰ গীতে-মাতে মুখৰিত হৈ পৰিছে ভোলাগুৰি চাহ বাগিছা ৷
উল্লেখ্য যে, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, প্ৰথম অসমীয়া কথা ছবি নিৰ্মাতা জ্যোতি ককাইদেউক সুঁৱৰি গহপুৰৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে শিল্পী দিৱস ৷
লগতে পঢ়কঃ অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা