ETV Bharat / state

শনিবাৰৰ সন্ধিয়া 7 বজাৰ পৰা বিশ্বনাথ জিলাত 144 ধাৰা - Section 144 in Biswanath district from Saturday 7pm

কৰ'ণা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথৰ জিলা দণ্ডাধীশৰ 144 ধাৰা জাৰি । সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ বিশ্বনাথ জিলাত আৰোপ সান্ধ্য আইন । 12 জুলাই পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশ ।

Section 144 in Biswanath district from Saturday 7pm

author img

By

Published : Jun 27, 2020, 8:40 PM IST

বিশ্বনাথ, 27 জুনঃ ক'ভিড-19 ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসমৰ মুখ্য সচিবৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে শনিবাৰে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰাৰ অধীনত জিলাখনত জনসাধাৰণৰ চলাচলত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ।

এই নিষেধাজ্ঞা অনুসৰি জিলাখনৰ সকলো অঞ্চলতে শনিবাৰৰ সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে ব্যক্তিগত যান-বাহন তথা যাত্ৰীবাহী যান-বাহনৰ চলাচলৰ ওপৰতো বাধা আৰোপ কৰা হয় । 12 জুলাই পৰ্যন্ত বাহাল থাকিব লগা এই সান্ধ্য আইনৰ নিষেধাজ্ঞাৰ সময়ছোৱাত অৱশ্যে কেতবোৰ বিশেষ অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হৈছে ।

27 জুনৰ পৰা কাৰ্যকাৰী হোৱা সান্ধ্য আইনৰ সময়ছোৱাত প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় আৰু ৰাজ্যৰ আৰক্ষী বাহিনী, জিলা দণ্ডাধীশ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, ক'ভিড-19 সম্পৰ্কীয় কৰ্তব্যত জড়িত বিষয়া কৰ্মচাৰী, অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱা, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, বিদ্যুৎ, পানী যোগান, অসংক্ৰাম্যকৰণৰ লগত জড়িত বিষয়া কৰ্মচাৰী, জৰুৰীকালীন সেৱাৰ বাবে প্ৰয়োজনীয় পৌৰ সভাৰ কৰ্মচাৰী, হাস্পতাল আৰু খুচুৰা ঔষধ প্ৰতিষ্ঠান, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যৱস্থা, স্বাস্থ্য বিভাগৰ গাড়ী, আইন শৃংখলা জড়িত আৰু জৰুৰীকালীন সেৱা আদিক ৰেহাই দিয়া হৈছে

আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণৰ বাবে ৰে'ল আৰু বিমান টিকট প্ৰদৰ্শন কৰা ব্যক্তি, কোৱাৰেণ্টাইন হ'ব লগা ব্যক্তি, চিকিৎসা আৰু জৰুৰী সেৱাত নিয়োজিত কৰ্মী আদিৰ বাবে ব্যৱস্থা কৰা হোটেল, কোৱাৰেণ্টাইনত ব্যৱহাৰ কৰা বা নিৰ্দিষ্ট কৰি ৰখা প্ৰতিষ্ঠান আদিকো এই নিৰ্দেশৰ পৰা ৰেহাই দিয়া হৈছে ।

এই নিৰ্দেশ ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন, 200551 ৰ পৰা 60 ধাৰা, ভাৰতীয় দণ্ড বিধিৰ 188 ধাৰা আৰু অন্যান্য আইনৰ ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ'ব । সমগ্ৰ বিশ্বনাথ জিলাতে 27 জুনৰ পৰা বলৱৎ কৰা হৈছে এই সান্ধ্য আইন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.