বিশ্বনাথ , 28 মে': বিশ্বনাথ জিলাৰ বিহালীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেদেতী পৰা ৰাংছালী সংযোগী পথটো আৰু বিহালী তিনিআলি পৰা বিহালী কমাপুখুৰী লৈ যোৱা পথটো সম্প্ৰতি বিধ্বস্ত ৷ অভিযোগ অনুসৰি কিছু দিনৰ পূৰ্বে পথকেইটা মেৰামতি কৰা হৈছিল যদিও পথছোৱা পুনৰ পূৰ্বৰ দৰে জৰাজীৰ্ণ হৈ পৰে ৷ বিশ্বনাথৰ গড়কাপ্তানি অভিযন্তাৰ পৰা জানিব পৰা মতে বেদেতী পৰা ৰাংছালী লৈ যোৱা পথছোৱা বিহালীৰ এজন বিজেপি নেতা তথা নন্দেশ্বৰ গোৱাৰি নামৰ ঠিকাদাৰগৰাকীয়ে মেৰামতি কৰিছিল ।
ইফালে বিহালী তিনিআলীৰ পৰা বিহালী কমাপুখুৰী লৈ যোৱা পথটোছোৱা 'বিহালী নামেৰী' নামৰ সংস্থা এটাই মেৰামতি কৰিছিল । পথ দুয়োটা একে সময়তে মেৰামতি কৰা হৈছিল যদিও ইতিমধ্যে দুয়োটা পথৰ বহু ঠাইত সৃষ্টি হোৱা পুখুৰী সৃদৃশ গাঁতৰ দৃশ্যই পথ দুটা মেৰামতি কৰাত সংঘটিত হোৱাৰ তথ্য উদঙাইছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথ দুটা নিৰ্মাণ কৰা ঠিকাদাৰ কেইজনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা ফলতেই নিৰ্মাণৰ কিছু দিনৰ পাচতেই পথটোৱে বিধ্বস্ত ৰূপ ধাৰণ কৰে ৷