বিশ্বনাথ,21 মে’: দেশ তথা অসমত কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । বিগত সময়ত ৰাজ্য চৰকাৰে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সাহায্য বিচাৰি জাননী জাৰি কৰিছিল ৷ চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমীৰণ টি ইণ্ডাষ্ট্ৰী আৰু সমীৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়াইছে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিৰ সমীৰণ টি ইণ্ডাষ্ট্ৰী আৰু সমীৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী, যুৱ ব্যৱসায়ী ধীৰাজ শৰ্মাই তাৎক্ষণিকভাৱে 500 লোকৰ ক’ভিড প্ৰতিষেধকৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 4 লাখ 2 হাজাৰ টকা আগবঢ়াইছে ৷
লগতে পঢ়ক : কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল