ETV Bharat / state

"ৰাণ ফৰ এ প্লাষ্টিক ফ্ৰী ইণ্ডিয়া"

author img

By

Published : Sep 28, 2019, 7:22 PM IST

এখন স্বচ্ছ আৰু নিকা ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে "এখন প্লাষ্টিকমুক্ত ভাৰতৰ বাবে‌ দৌৰ"ৰ আয়োজন বিশ্বনাথ জিলা প্ৰশাসনৰ ৷ ৰাজ্যবাসীক প্লাষ্টিক বৰ্জনৰ আহ্বান জলাই বিশ্বনাথ জিলা প্ৰশাসনে ৷

প্লাষ্টিক মুক্ত ভাৰতৰ সপোন

বিশ্বনাথ, 28 ছেপ্টেম্বৰঃ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ২ অক্টোবৰত বিশ্বনাথত "এখন প্লাষ্টিকমুক্ত ভাৰতৰ বাবে‌ দৌৰ"ৰ আয়োজন কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে ৷ এখন স্বচ্ছ আৰু নিকা ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে থকা মহামানৱ মহাত্মা গান্ধীৰ সপোন আৰু এই আদৰ্শক বাস্তৱায়িত কৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তৰিক প্ৰয়াসৰ প্ৰতি সন্মান জনাই বিশ্বনাথ জিলা প্ৰশাসনে হাতত লৈছে এই পদক্ষেপ ৷ এখন প্লাষ্টিকমুক্ত বিশ্বনাথ গঢ়াৰ ক্ষেত্ৰত জন সচেতনতা বৃদ্ধিৰ বাবে জিলাখনৰ সমূহ সচেতন ব্যক্তিকে এই সমূহীয়া দৌৰত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাই উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ৷ লগতে কয় যে,আৰক্ষী অধীক্ষককে প্ৰমুখ্য কৰি বহুসংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰী,আৰক্ষী,সেনাবাহিনীৰ লোক,পৌৰকৰ্মী,স্থানীয় শিক্ষানুষ্ঠানসমূহৰ এন এছ এছ গোট,শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী আদিয়ে অংশ ল'ব লগা এই দৌৰ বিশ্বনাথ চাৰিআলিৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপৰ পৰা আৰম্ভ হৈ চহৰৰ সোঁমাজেৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বিশ্বনাথ চাৰিআলি সদৰ থানাৰ সমুখত অন্ত পৰিব ৷ দৌৰত অংশগ্ৰহণ কৰিব লগা সকলোৱে পথৰ দুয়োকাষে চকুত পৰা প্লাষ্টিকজাতীয় আৱৰ্জনাবোৰ বুটলি লৈ যাব আৰু নিৰ্দিষ্ট স্থানত অস্থায়ী ভাৱে স্থাপন কৰা ডাষ্টবিনত পেলাব ৷ এখন নিকা ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে ৰাজ্যবাসীক প্লাষ্টিক বৰ্জনৰ আহ্বান জনায় বিশ্বনাথ জিলা প্ৰশাসনে ৷

লগতে পঢ়কঃ ইতিহাসত আজিৰ দিনটো

Intro:as_biswanath_802_28_seb_dc_ office_ pres_list_
photo_scrpt_as10018Body:as_biswanath_802_28_seb_dc_ office_ pres_list_
photo_scrpt_as10018Conclusion:as_biswanath_802_28_seb_dc_ office_ pres_list_
photo_scrpt_as10018

২ অক্টোবৰত বিশ্বনাথত "এখন প্লাষ্টিকমুক্ত ভাৰতৰ বাবে‌ দৌৰ"ৰ আয়োজন

এখন স্বচ্ছ আৰু নিকা ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে থকা মহামানৱ মহাত্মা গান্ধীৰ সপোন আৰু এই আদৰ্শক বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তৰিক প্ৰয়াসৰ প্ৰতি সন্মান জনাই জাতিৰ পিতাৰ ওপজা দিনৰ দিনা বিশ্বনাথ জিলা প্ৰশাসনে আয়োজন কৰিছে "ৰাণ ফৰ এ প্লাষ্টিক ফ্ৰী ইণ্ডিয়া" অৰ্থাৎ "এখন প্লাষ্টিকমুক্ত ভাৰতৰ বাবে‌ দৌৰ"ৰ। বিশ্বনাথ চাৰিআলি পৌৰসভা আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আয়োজিত এই দৌৰত উপায়ুক্ত, আৰক্ষী অধীক্ষককে প্ৰমুখ্য কৰি বহুসংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰী, আৰক্ষী, সেনাবাহিনীৰ লোক, পৌৰকৰ্মী, স্থানীয় শিক্ষানুষ্ঠানসমূহৰ এন এছ এছ গোট, শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী আদিয়ে অংশ ল'ব। দৌৰত ভাগ লোৱা অংশগ্ৰহণকাৰীসকলে পথৰ দুয়োকাষে চকুত পৰা প্লাষ্টিকজাতীয় আৱৰ্জনাবোৰ বুটলি লৈ যাব আৰু নিৰ্দিষ্ট স্থানত অস্থায়ী ভাৱে স্থাপন কৰা ডাষ্টবিনত পেলাব। আয়োজকৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকলক হাতত পিন্ধা গ্ল'ভছ যোগান ধৰাৰ লগতে আনুষংগিক সা-সুবিধা প্ৰদান কৰা হ'ব।‌ অহা ২ অক্টোবৰৰ পুৱা ৬-৩০ বজাত বিশ্বনাথ চাৰিআলিৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপৰ পৰা আৰম্ভ হ'ব লগীয়া এই দৌৰ চহৰৰ সোঁমাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বিশ্বনাথ চাৰিআলি সদৰ থানাৰ সমুখত অন্ত পৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয়ভাৱে আয়োজিত এই কাৰ্যসূচীৰ লগতে সেইদিনা জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতো অনুৰূপ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এখন প্লাষ্টিকমুক্ত বিশ্বনাথ গঢ়াৰ ক্ষেত্ৰত জন সচেতনতা বৃদ্ধিৰ স্বাৰ্থত জিলাখনৰ সমূহ সচেতন ব্যক্তিকে এই সমূহীয়া দৌৰত অংশগ্ৰহণ কৰিবৰ বাবে উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে আহ্বান জনাইছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
বি: দ্ৰ:
ফটো জনসংযোগ বিভাগে দিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.