বিশ্বনাথ, 3 জুলাই : বিশ্বনাথত এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ কিছু কিছু অংশ । যাৰবাবে বাৰিষা আহিলেই ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান জঁটৰ সমস্যাত ভুগিবলগীয়া হয় পথচাৰী । পথটো অধিকাংশ স্থানত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰে ।

বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ যোৱা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ কাম অৰুণাচল টিকে নামৰ চাৰিলেন যুক্তপথ নিৰ্মাণ সংস্থাই লাভ কৰিছিল। কিন্তু বিগত চাৰিবছৰে নিৰ্মাণকাৰী সংস্থাটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে পথটো নিৰ্মাণ কাৰ্য ৷ নিৰ্মাণৰ কাম লেহেমীয়া গতিত হোৱা ফলতেই সঘনাই পথটোৰ অধিকাংশ স্থানত বৰষুণ দিলেই পুখুৰী সদৃশ হৈ পৰে। ইটিভি ভাৰত ধাৰাবাহিকভাৱে এই সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছত পথ নিৰ্মাণ সংস্থাটোৱে পথটোৰ বেয়া অংশৰ মেৰামতিৰ কাম পুনৰ কৰিবলৈ আৰম্ভ কৰিছে ।