চতিয়া, 28 আগষ্টঃ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বৃহস্পতিবাৰে সমষ্টিটোৰ অধীনৰ পূৱ নাগশংকৰ গাঁও পঞ্চায়ত এলেকাৰ বিজয়পুৰ বেজগাঁও হৈ ননকে চেঙামাৰী সংযোগী গ্ৰাম্য পথটিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ২০১৯-২০ বৰ্ষৰ বাবে অনুমোদিত ৭ লাখ টকা ব্যয় সাপেক্ষে প্ৰায় ১২ কি:মি: দৈৰ্ঘ্যৰ পথটি নিখুত আৰু অত্যাধুনিকভাৱে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ প্ৰায় বিশ লাখ টকাৰ প্ৰয়োজন হ’ব যদিও বাকী ধন বিধায়ক গৰাকীয়ে ৰাইজৰ দান বৰঙনি আৰু একান্ত ব্যক্তিগত পুঁজিৰ পৰাই যোগান ধৰিব বুলি জানিবলৈ দিয়ে ৷
উক্ত অনুস্থানত অংশগ্ৰহণ কৰাৰ পিচতে বাপুজী প্ৰাথমিক বিদ্যালয়ত অনুস্থিত এক ৰাজহুৱা সভাত ভাষণ দি বিধায়ক পদ্ম হাজৰিকাই কয় যে, অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘ দিনীয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে এই পথ নিৰ্মাণ কাৰ্য শুভাৰম্ভ হ’ল ৷ লগতে পূৱ নাগশংকৰ গাঁও পঞ্চায়তৰ জৰিয়তে জয়সিদ্ধিৰ পৰা মাজগাঁও সংযোগী পথৰ বাবে ১৬,০৫,৩৭৫ টকা অনুমোদন কৰা হয় বুলি জানিবলৈ দিয়ে ৷
ইপিনে পাভৈ গড়কপ্তানী পথৰ পৰা ২নং ডিপলোঙা সংযোগী পথ, কেম চাৰিআলিৰ পৰা মনাই পাটঘৰ সংযোগী পথ (কালভাৰ্ট সহ), শান্তিপুৰ চাৰিআলিৰ পৰা বিজয়পুৰ সংযোগী পথ, জয়পুৰৰ পৰা মধুপুৰ সংযোগী পথ (কালভাৰ্ট সহ), মনাইৰ পৰা এস্কটেনশ্যন বাগান সংযোগী পথ, ২নং ঘাহিগাৱৰ পৰা ডিপলোঙা বাগান সংযোগী পথ, বাৰভূঞা গড়কপ্তানী পথৰ পৰা মেটেৰা শংকৰমন্দিৰ সংযোগী পথ,বসন্ত স্বৰ্গীয়াৰীৰ ঘৰৰ পৰা মৃনাল বসুমতাৰীৰ ঘৰ সংযোগী পথ, ডিপলোঙা চাইবোৰ্ডৰ পৰা নাৰায়ন পাটৰৰ ঘৰ সংযোগী পথ, ডিপলোঙা ১৪নং লাইনৰ পৰা বৰুন তাতিৰ গৃহ সংযোগী পথ আদি উন্নয়নৰ বাবে মুঠ ৬৫,৪৭,৯৭০ টকা আৱন্টন হোৱাৰ বিপৰীতে সম্পূৰ্ণ ১২ টাকৈ গ্ৰাম্য পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২,৫০,ooo টকাৰ প্ৰয়োজন হোৱাটো নিশ্চিত বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷ গাঁও পঞ্চায়তখনৰ অধীনত নিৰ্মাণ হ’ব লগা পথসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ৰাইজক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবৰ বাবে বিধায়কগৰাকীয়ে আহ্বান জনায় ৷
লগতে পঢ়কঃ ইটিভি নেটৱৰ্কৰ গৌৰৱোজ্বল 25 বছৰঃদৰ্শক আৰু কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন অধ্যক্ষ ৰামোজী ৰাওৰ