বিশ্বনাথ, ১৭ মে': বিশ্বনাথৰ বালিপুখুৰীত সোমবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গহপুৰৰ পৰা বিশ্বনাথ অভিমুখী মেঘালয়ৰ পঞ্জীভূত ML05-Q-1959 নম্বৰৰ এখন হোণ্ডা এক্সেন্ট বাহন দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটোৰ ফলত গাড়ীত থকা দুজন লোকৰ ভিতৰত এজন থিতাতে নিহত হোৱা লগতে গুৰুতৰ ভাৱে আহত হয় এজন লোক ৷ পৰৱৰ্তী সময়ত আহত লোকজনক সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
দুৰ্ঘটনাটোত ঘটনাস্থলীতে নিহত লোকজন বাহনখনৰ চালক শংকৰ চেত্ৰী আৰু আহতজন ৰাজেশ যাদৱ বুলি জানিব পৰা গৈছে । দুয়োগৰাকী শ্বিলঙৰ পুলি কলনিৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: ঘূৰ্ণী বতাহ টাউটৰ ধ্বংসলীলা অব্যাহত