ETV Bharat / state

পিতৃৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সংঘমিত্ৰা - ripun daughter at gahpur

গহপুৰত পিতৃৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে সংঘমিত্ৰা বৰাই । চাহ শ্ৰমিকসকলৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ ঘৰলৈ গৈ পিতৃৰ হৈ ভোট ভিক্ষা কৰিছে ৰিপুণ বৰাৰ কন্যা সংঘমিত্ৰা বৰাই ।

গহপুৰত নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘমিত্ৰাকলৈ চৰ্চা

author img

By

Published : Mar 20, 2021, 5:43 PM IST

বিশ্বনাথ,20 মাৰ্চ: ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত । ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ।

গহপুৰত নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘমিত্ৰাকলৈ চৰ্চা
পিতৃৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সংঘমিত্ৰা

সমষ্টিটোৰ পৰা এইবাৰ কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । কিন্তু দলৰ সভাপতি হোৱা বাবে ৰিপুণ বৰাই আন আন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হ'বলগীয়া হৈছে । সেয়ে পিতৃক উদ্ধাৰৰ বাবে সমষ্টিত নামিছে কন্যা সংঘমিত্ৰা বৰা ।

সংঘমিত্ৰা ৰিপুণ বৰাৰ কন্যা

যোৱা কেইবাদিনো ধৰি ৰিপুণ বৰাৰ কন্যা সংঘমিত্ৰাই গহপুৰৰ বাগিচাই বাগিচাই চাহ শ্ৰমিকসকলৰ লগত মত বিনিময় কৰি চাহ শ্ৰমিকক দৈনিক মজুৰি ৩৬৫ টকাৰ গেৰাণ্টিৰ কাৰ্ডক লৈ কংগ্ৰেছ পক্ষত ভোট দিবলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । কেৱল চাহ শ্ৰমিকসকলৰ মাজতে নাথাকি গাঁৱৰ পুৰুষ-মহিলা প্ৰতিজন লোকৰ ঘৰলৈ গৈছে সংঘমিত্ৰা ।

চাহ শ্ৰমিকৰ মাজত প্ৰচাৰত ব্যস্ত ৰিপুণ বৰাৰ কন্যা

উল্লেখ্য যে সংঘমিত্ৰাৰ এই প্ৰচাৰ অভিযানে কংগ্ৰেছক পূৰ্বতকৈ বহু পৰিমাণে আগুৱাই নিব বুলিও চৰ্চা চলিছে গাঁৱসমূহত । একাংশৰ মতে কংগ্ৰেছ দলক উদ্ধাৰ কৰক বা নকৰক কিন্তু সংঘমিত্ৰাই যে সমাজৰ সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে সেইটো প্ৰায় নিশ্চিত ।

লগতে পঢ়ক: অবৈধ সুৰাৰ ঘাটিত আমগুৰি আৰক্ষীৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.