ETV Bharat / state

Rhynchostylis retusa flower blooming : গহপুৰত কপৌফুলে পাতিছে সুন্দৰৰ মেলা

author img

By

Published : Apr 6, 2023, 8:30 PM IST

চাওঁতে চাওঁতে আহি পালেহি হেঁপাহৰ ৰঙালী (Rangali Bihu 2023)৷ মাজত মাথো কেইটামান দিনহে বাকী ৷ ঢোল-পেঁপা-গগণাৰ মাতে ৰজনজনাইছে চাৰিওদিশ ৷ ইয়াৰ মাজতে গহপুৰৰ এখন কপৌফুলৰ বাগিচালৈ ঢাপলি মেলিছে ঢুলীয়া-নাচনীয়ে ৷ কিয়নো বাগিচাখনত ডাল ভৰি ফুলা কপৌফুলে পাতিছে যেন সুন্দৰৰ মেলা (Rhynchostylis retusa flower blooming) ৷

Rhynchostylis retusa flower blooming
আকৌ আহি পালে হেঁপাহৰ ৰঙালী
আকৌ আহি পালে হেঁপাহৰ ৰঙালী

বিশ্বনাথ, 6 এপ্ৰিল : আকৌ আহি পালে হেঁপাহৰ ৰঙালী (Rangali Bihu 2023) ৷ চৌদিশে কেৱল শুনিবলৈ পোৱা গৈছে ঢোল-পেঁপা-গগণাৰ মাত ৷ মাজে-মাজে অহা বৰষুণজাকৰ পৰশ পাই গছৰ ডালতো ন-কুঁহিপাতে মেলিছে পোখা ৷ বাৰী কাষৰ আম জোপাও মলিয়াব ধৰিছে ৷ আনকি শুনিবলৈ পোৱা গৈছে কোনো অজান মুলুকৰ পৰা অহা কুলি-কেতেকীৰ বিননিয়েও ৷ চাৰিফালে যেন এক উৎসাহৰ বতৰ এয়া ৷

অসমৰ হাবিয়ে বননিয়ে এতিয়া কেৱল ফুলিছে নানান ধৰণৰ ফুল ৷ এই ফুলৰ সুবাসে সৌৰভ বিলাছে চাৰিওদিশে ৷ পদুলিমুখত ফুলি উঠিছে নাহৰ, তগৰ, কেতেকী ৷ বাদ পৰি ৰোৱা নাই বসন্তৰ ৰাণী কপৌফুলো ৷ গছৰ ডাল শুৱাই ফুলিছে কপৌফুল, যাৰ অবিহনে নাচনী আধৰুৱা নাচনীৰ খোপা ৷ এনেদৰে প্ৰকৃতিয়েও দিছে অসমীয়াৰ আয়ুস ৰেখা হেঁপাহৰ ব’হাগৰ আগজাননী ।

ইয়াৰ মাজতে গহপুৰৰ ককিলাগুৰি গাঁৱৰ এখন বাগিচাত কপৌফুলে পাতিছে সুন্দৰৰ মেলা (Rhynchostylis retusa flower blooming) ৷ বাৰীত জাতিষ্কাৰ হৈ পৰা নানা ৰঙী কপৌফুলে হাত বাউলি মাতিছে ব’হাগৰ নাচনীক ৷ এই বাগিচাখনত এতিয়া ভিৰ কৰিছেহে ঢুলীয়া-নাচনীয়েও ৷ বাগিচাখনত লমা-লমে ওলমি থকা কপৌফুল দেখি থমকি ৰৈছে বাটৰ বাটৰুৱাও ৷ নাচনীৰ নেঘেৰী খোপা আৰু কলডিলিয়া খোপা শুৱনি কৰিবলৈ যেন ফুলি উঠিছে গছৰ ডালত কপৌফুল ৷ এয়াই প্ৰাণ চঞ্চলা ব’হাগ ৷

কপৌফুল কেৱল এপাহ ফুলেই নহয় ৷ ই অসমীয়া লোক সংস্কৃতিৰ বাহক স্বৰূপ ৷ প্ৰাণৰ হেঁপাহে আকুল কৰা কপৌফুলে ব’হাগ অহাৰ জাননী দিয়ে ৷ পিছে পৰিতাপৰ বিষয় যে সাম্প্ৰতিক সময়ত গছ-গছনি, হাবি-জংঘলৰ অভাৱত ক্ৰমান্বয়ে নিঃশেষ হৈ আহিছে কপৌফুল ৷

তথ্য অনুসৰি, সমগ্ৰ বিশ্বত কপৌ জাতীয় মুঠ ৩৫ হাজাৰ বিধ অৰ্কিড আছে ৷ তাৰে ভিতৰত ভাৰতবৰ্ষত ১,৪৩০ বিধ, উত্তৰ-পূৰ্বাঞ্চলত ৯০০ বিধ আৰু অসমত ৪১০ বিধ কপৌফুল জাতীয় অৰ্কিড উপলব্ধ হয় ৷ সাধাৰণতে কপৌফুল বুলিলে পাতল বেঙুনীয়া ৰঙৰ সেই ফুলপাহৰ কথা মনলৈ আহে ৷ কিন্তু প্ৰকৃততে বিভিন্ন ৰঙৰ কপৌফুল পোৱা যায় ৷ যেনে হালধীয়া, বগা, পাতল বেঙুনীয়া ইত্যাদি ৷

লগতে পঢ়ক : Orchid conservation center: প্ৰায় ৭৫০ বিধ কপৌফুলেৰে জাতিষ্কাৰ হৈ পৰিছে দাৰিয়াভেটিৰ এখন অৰ্কিড সংৰক্ষণ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.