ETV Bharat / state

গহপুৰত শ্বহীদ কনকলতাৰ ৯৭সংখ্যক জন্মদিন উদযাপন

author img

By

Published : Dec 22, 2021, 8:41 PM IST

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা তথা কনিষ্ঠ মহিলা শ্বহীদ কনকলতা বৰুৱা ৷ বৃটিছৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ ইংৰাজ বাহিনীৰ গুলী বুকু পাতি লৈছিল কনকলতা বৰুৱাই ৷ আজি শ্বহীদ কনকলতা বৰুৱাৰ ৯৭সংখ্যক জন্মজয়ন্তী ৷ কনকলতাৰ গহপুৰৰ বৰঙাবাৰীস্থিত বাসগৃহত উদযাপন কৰা হয় 97 সংখ্যক জন্মজয়ন্তী ৷

Remembering Swahid Kanaklata Barua on her 97th Birth Anniversary
শ্বহীদ কনকলতাৰ ৯৭সংখ্যক জন্মদিন উদযাপন

বিশ্বনাথ, ২২ ডিচেম্বৰ : ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা তথা কনিষ্ঠ মহিলা শ্বহীদ কনকলতা বৰুৱাৰ আজি ৯৭সংখ্যক(Swahid Kanaklata Barua 97th Birth Anniversary) জন্মজয়ন্তী ৷ শ্বহীদ কনকলতাৰ ৯৭সংখ্যক জন্মদিনটো বীৰাঙ্গনাগৰাকীৰ জন্মস্থান গহপুৰত বুধবাৰে ব্যাপক কাৰ্যসূচীৰে উদযাপন কৰা হয় । কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা সেনানী আছিল ।

১৯৪২ চনৰ ২০ চেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল । ইয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী'ত তৈয়াৰ কৰা হৈছিল । অসমত গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল সেনানীগৰাকী আছিল কনকলতা বৰুৱা ।

শ্বহীদ কনকলতাৰ ৯৭সংখ্যক জন্মদিন উদযাপন

থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সেনানীৰ লগতে কনকলতাৰো পুলিচৰ লগত টনা-আজোৰা লাগে । এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে । পুলিচ বাহিনীৰ গুলিত আহত কনকলতা মাটিত বাগৰি পৰি থানাৰ সম্মুখতে শ্বহীদ হয় ।

কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয় । কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানত তথা বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াস্থিত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হয় ৷

এইগৰাকী বীৰাঙ্গনা কনকলতাৰ পৰিয়ালবৰ্গই আজি তেওঁৰ জন্মবাৰ্ষিকী বৰঙাবাৰীস্থিত বাসগৃহ প্ৰাংগনত গীত-মাতেৰে উদযাপন কৰে ৷ উক্ত অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গহপুৰৰ ২০গৰাকী মহিলা স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি বাণীবদ্ধ কৰা 'পুণ্যভূমি ছয়দুৱাৰৰ মহিয়সী নাৰী' শীৰ্ষক এটি দেশপ্ৰেমমূলক গীতৰ মুক্তি দিয়া হয় । ধোপাবৰৰ দিপাঞ্জলী কাকতি বৰদলৈয়ে কণ্ঠদান কৰা গীতটি উন্মোচন কৰে বিশিষ্ট্য সাহিত্যিক লোকেশ্বৰী সন্দিকৈ আৰু সেউতি বৰায়ে ।

লগতে পঢ়ক : ব্যক্তিকেন্দ্ৰিক হৈ পৰা পৃথিৱীত বিহপুৰীয়াৰ এজন ব্যতিক্ৰমী যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.