ETV Bharat / state

শ্বহীদ কনকলতাক সুঁৱৰি গহপুৰত ‘শ্বহীদ দিৱস’ পালন কংগ্ৰেছ কৰ্মীৰ - শ্বহীদ দিৱস

‘শ্বহীদ দিৱস’ উপলক্ষে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ তথা গহপুৰৰ সু-সন্তান কনকলতা বৰুৱাক স্মৰণ গহপুৰ কংগ্ৰেছৰ ৷ কনকলতা বৰুৱাৰ নামত গহপুৰত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ চৰকাৰক আহ্বান কংগ্ৰেছ কৰ্মীৰ ৷

Gahpur Congress celebrate Swahid Diwas
গহপুৰত ‘শ্বহীদ দিৱস’ পালন কংগ্ৰেছ কৰ্মীৰ
author img

By

Published : Sep 20, 2020, 2:26 PM IST

বিশ্বনাথ, 20 ছেপ্তেম্বৰ: প্ৰতিবছৰে 20 ছেপ্টেম্বৰ দিনটোতে স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্মস্থান গহপুৰত ‘শ্বহীদ দিৱস’ পালন কৰা হয় ।

শ্বহীদ দিৱস উপলক্ষে দেওবাৰে গহপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে শ্ৰদ্ধাৰে সুঁৱৰিছে বীৰাংগনা কনকলতা বৰুৱাক ৷ শ্বহীদ কনকলতাৰ প্ৰতিমূৰ্তিত ধূপ ধুনা ফুলেৰে শ্ৰদ্ধাঞ্জলি জনায় কংগ্ৰেছ কৰ্মীসকলে ৷

ইয়াৰোপৰি, কংগ্ৰেছ কৰ্মীসকলে শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ চৰকাৰক দাবী জনায় ৷

গহপুৰত ‘শ্বহীদ দিৱস’ পালন কংগ্ৰেছ কৰ্মীৰ

উল্লেখ্য যে, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ তথা গহপুৰৰ সু-সন্তান কনকলতা বৰুৱাই ব্ৰিটিছৰ পতাকা নমাই ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গহপুৰ আৰক্ষী থানা অভিমুখে ৰাওনা হৈছিল ৷ মৃত্যুপণ বাহিনীৰ সন্মুখত নেতৃত্বত দিয়া মূল স্বেচ্ছাসেৱীকা আছিল কনকলতা বৰুৱা ৷ ১৯৪২ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত গঠন হোৱা মৃত্যু বাহিনীৰ দলত কনকলতা বৰুৱাই যোগদান দি গহপুৰ থানাৰ পৰা ব্ৰিটিছ পতাকা নমাবলৈ যাওঁতে চিপাহী বগাই কছাৰীৰ হাতত গুলি খাই মৃত্যু বৰণ কৰিছিল ।

লগতে পঢ়ক: গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.