ETV Bharat / state

বিশ্বনাথত জাতীয়তাবাদী নেতাই পৰিধান কৰিলে গেৰুৱা বসন

author img

By

Published : Feb 3, 2022, 11:13 AM IST

বিশ্বনাথত বুধবাৰে কংগ্ৰেছ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩২ জনকৈ নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপিত (Congress and AJYCP leader joins BJP) ৷ আগন্তুক ৩০ বছৰলৈ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকাৰ দাবী বিধায়ক ৰঞ্জিত দত্তৰ ৷

Regional leaders joined bjp in biswanath
বিশ্বনাথত জাতীয়তাবাদী নেতাই পৰিধান কৰিলে গেৰুৱা বসন

বিহালী, 3 ফেব্ৰুৱাৰী : বিশ্বনাথৰ বিহালীৰ বৰগাঙ ৰাজহুৱা মঞ্চত বুধবাৰে বিশ্বনাথ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ যোগদান সভা অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ যুটীয়া সহঃসম্পাদক জিতু শৰ্মা, প্ৰাক্তন জিলা সভাপতি প্ৰতাপ শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় সদস্য মৃদুল শইকীয়াসহ প্ৰায় ৩২ জন জাতীয় সংগঠনৰ প্ৰাক্তন নেতা আৰু কংগ্ৰেছ দলৰ সদস্য(Congress leader join bjp)ই বিজেপিত যোগদান কৰে ।

বিহালীৰ সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত

বিশ্বনাথ জিলাৰ বিজেপিয়ে আয়োজন কৰা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত(Behali constituency MLA Ranjit Dutta) । দত্তই নতুনকৈ বিজেপি দলটোলৈ অহা প্ৰতিগৰাকীৰ ন বিজেপিক আদৰণি জনায় ৷ তেওঁ দলৰ সকলো কৰ্মীক সহযোগ নিধি কাৰ্যসূচীত সহযোগিতাত আগবঢ়াই দলটোক অধিক শক্তিশালী কৰাত সৱল ভূমিকা লোৱাৰ আহ্বান জনায় ৷

বিধায়কগৰাকীয়ে লগতে বিজেপি দলে অসমৰ উন্নতিৰ বাবে কৰা কামত সন্তুষ্ট হৈ বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ সদস্যসকল আহি দলটোত যোগদান কৰা(Nationalist leader join bjp) বুলি উল্লেখ কৰে ৷ দত্তই দলটোক অধিক শক্তিশালী কৰাত সহযোগ কৰিবলৈ এনেদৰে জাতীয় দল সংগঠনৰ নেতা ওলাই অহাটো দলৰ বাবে গৌৰৱ বুলি মন্তব্য কৰে । দত্তই আগন্তুক ৩০ বছৰ পৰ্যন্ত অসমত বিজেপিৰ বাদে আন কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰে ৷

তেওঁ লগতে সংখ্যালঘু ৰাইজেও দলটোক সকলো ধৰণৰে সহযোগ কৰি অহা কথা ব্যক্ত কৰে । বিশ্বনাথ জিলা সভাপতি পংকজ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ সমষ্টিৰ উৎপল বৰাকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Covid 19 Update in Assam : ৰাজ্যত 24 ঘন্টাত ক’ভিডত মৃত্যু 18 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.