ETV Bharat / state

Pijush Hazarika on price hike: যেনেকৈ দৰমহা বাঢ়ে তেনেকৈ বস্তুৰ দামো বৃদ্ধি হয় - Minister Pijush Hazarika react on price hike

জীৱনদায়িনী ঔষধ, টোলগেটৰ কৰ, বিদ্যুৎ মাচুলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্য়াহত প্ৰতিবাদ । ইয়াৰ মাজতেই মন্ত্ৰী পীযুষ হাজৰীকাই মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Minister Pijush Hazarika) ।

Minister Pijush Hazarika react on price hike
মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ
author img

By

Published : Apr 1, 2023, 10:18 PM IST

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশ্বনাথ, ১ এপ্ৰিল : দেশজুৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰিছে । এনে সময়তে কেন্দ্ৰীয় চৰকাৰখনে নিত্য ব্যৱহাৰ্য ঔষধৰ মূল্যবৃদ্ধিৰে জনতাক ৰামটাঙোন শোধাবলৈ ওলাইছে । আজিৰ পৰাই অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰাই মহঙা হৈছে জীৱনদায়িনী ঔষধ । চৰকাৰে ইতিমধ্যে ঔষধ কোম্পানীসমূহক বাৰ্ষিক পাইকাৰী মূল্য সূচক অৰ্থাৎ WPI (Wholesale Price Index) ৰ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্য ৰাখি ঔষধৰ দাম বৃদ্ধি কৰাৰ অনুমতি দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাত চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে । ইয়াকে লৈ বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই (Minister Pijush Hazarika react on price hike)।

শনিবাৰে শোণিতপুৰ জিলাৰ বিশ্বনাথৰ গহপুৰ মহকুমাত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসংযোগ আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয়," দাম বাঢ়িলে সকলোৰে কষ্ট হয় । ময়ো কষ্ট পাওঁ। মই সদায় এই কথা কৈ আহিছো‌ । অলপ চিন্তা- চৰ্চা কৰি দাম বঢ়ালে সকলোৱে ভাল পায়।" যিসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰে তেওঁলোকে বৃদ্ধি কৰাৰ আগতে চিন্তা -চৰ্চাৰ কৰি বৃদ্ধি কৰিলে ভাল হয় বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য় কৰে ।

আনহাতে, মন্ত্ৰী হাজৰীকাই পুনৰ কয়," বস্তুৰ দাম বঢ়াৰ লগে লগে কিন্তু আমিও বহি থকা নাই । আমি খুবেই সচেতন । কেন্দ্ৰীয় চৰকাৰৰ কেৱিনেট সিদ্ধান্ত হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী দৈনিক ভাট্টা ৪ শতাংশ বৃদ্ধি কৰিছে । তেতিয়া আমিও অসম চৰকাৰৰ কৰ্মচাৰী সকলৰ ৪ শতাংশ দৈনিক ভাট্টা বৃদ্ধি কৰিছো । কিন্তু আমি বহুত সচেতন যেনেকৈ দৰমহা বাঢ়ে তেনেকৈ কৰোবাত কৰোঁত মূল্য বৃদ্ধি হয় ।"

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষই প্ৰকাশ কৰা এক তথ্য মতে, ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত বিগত বছৰৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীলৈকে ১২.১২ শতাংশ বৃদ্ধি হৈছে ।তথ্য মতে, বিশেষকৈ পেইনকিলাৰ, হৃদৰোগ, এণ্টিবায়'টিককে ধৰি প্ৰায় ৩৮৪ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি পাইছে । উল্লেখযোগ্য যে একমাত্ৰ ঔষধৰেই মূল্য বৃদ্ধি নহয়, টোলগেটৰ কৰ, বিদ্যুৎ মাচুলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে ।

লগতে পঢ়ক:General election 2024 : ২০২৪ চনৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ৰণনীতি, বিৰোধী ঐক্যৰ মাজত হ'ব বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.