ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰঙাপৰাৰ ছয় গৰাকী খেলুৱৈ - সোণৰ পদক

শিলচৰত টাইকোৱানডো সন্থাই আয়োজন কৰা ' ইণ্ডো বাংলা ফ্ৰেণ্ডশ্বিপ টাইকোৱানডো প্ৰতিযোগিতা'ত অংশগ্ৰহণ কৰি চাৰিটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ ৰঙাপৰাৰ খেলুৱৈৰ ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰঙাপৰাৰ ছয় গৰাকীকৈ খেলুৱৈ
author img

By

Published : Sep 17, 2019, 12:13 PM IST

ৰঙাপৰা, 17 চেপ্তেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰালৈ গৌৰৱ কঢ়িয়াই আনিছে ছয় গৰাকী খেলুৱৈয়ে ৷ ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত চাৰিটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ খেলুৱৈ কেইগৰাকীৰ ৷ শিলচৰত টাইকোৱানডো সন্থাই আয়োজন কৰা ' ইণ্ডো বাংলা ফ্ৰেণ্ডশ্বিপ টাইকোৱানডো প্ৰতিযোগিতা'ত অসমৰ বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰ হৈ ৰঙাপৰাৰ সাত গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল । ৰঙাপৰাৰ প্ৰশিক্ষক ববিতা ৰাজবংশী আৰু জোনমণি বড়োৰ নেতৃত্বত যোৱা সাত জনীয়া দলটোৰ ছয় গৰাকী খেলুৱৈৰ ভিতৰত চাৰি গৰাকীয়ে সোণৰ আৰু দুগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰঙাপৰাৰ ছয় গৰাকীকৈ খেলুৱৈ

খেলুৱৈ কেই গৰাকীৰ ভিতৰত ক্ৰমে নেহাল দাসে 25 কেজি শাখাত, যোগেশ নাগবংশীয়ে 45 কেজি শাখাত, বৰলা বৰ্মনে 46 কেজি শাখাত আৰু ইফতিকাৰ হুছেইনে 55 কেজি শাখাত সোণৰ পদক লাভ কৰে ৷ আনহাতে ৰাজেন ওৰাং আৰু চিন্টু লোহাৰে ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

সোমবাৰে খেলুৱৈ কেই গৰাকীয়ে ৰে'ল যোগে আহি ৰঙাপৰা ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে দলটোক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছা, আটছা আৰু চাহ মজদুৰ সংঘই উষ্ম আদৰণি জনায় ।

Intro:ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত উজলিল ৰঙাপৰা চাৰিগৰাকী খেলুৱৈঃ চাৰিটা সোনৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰালৈ গৌৰৱ কঢ়িয়াই আনিলে ৬ গৰাকীকৈ খেলুৱৈয়ে। শিলচৰত টাইকোৱানডো সন্থাই আয়োজন কৰা INDO BANGLA FRIENDSHIP টাইকোৱানডো প্ৰতিযোগিতাত চাৰিটাকৈ সোনৰ পদক আৰু দুটা ব্ৰঞ্জ পদক লাভ কৰি ৰঙাপৰা গৌৰৱ কঢ়িয়াই আনিলে ৰঙাপৰা ছয় জনকৈ যুৱক যুৱতীয়ে। অসমৰ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আদি জিলাৰ লগতে শোনিতপুৰ জিলাৰ হৈ ৰঙাপৰাৰ ৭ গৰাকী খেলুৱৈ প্ৰতিযোগীতাত অংশ গ্ৰহন কৰিছিল। ৰঙাপৰাৰ প্ৰশিক্ষক ববিতা ৰাজবংশী আৰু জোনমনি বড়োৰ নেতৃত্বত যোৱা ৭ জনীয়া দলটোৰ ছয় গৰাকী খেলুৱৈ সোন আৰু ব্ৰঞ্জপদক লাভ কৰিবলৈ সক্ষম হয়। ৰঙাপৰাৰ নেহাল দাসে ২৫ কেজি শাখাত সোনৰ পদক, যোগেশ নাগবংশীয়ে ৪৫ কেজি শাখাত সোনৰ পদক, বৰলা বৰ্মনে ৪৬ কেজি শাখাত সোনৰ পদক আৰু ইফতিকাৰ হুছেইনে ৫৫ কেজি শাখাত সোনৰ পদক লাভ কৰাৰ লগতে ৰাজেন ওৰাং আৰু চিন্টু লোহাৰে ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয়৷ শিলচৰ কাছাৰ জিলাত অনুষ্ঠিত হোৱা টাইকোৱানডো প্ৰতিযোগিতাত চাৰিটা সোনৰ আৰু দুটা ব্ৰঞ্জ পদক লাভ কৰি ৰেলযোগে ৰঙাপৰা ৰেলৱে ষ্টেচত উপস্থিত হোৱাৰ সময়তে দলটিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছা, আটছা আৰু চাহ মজদুৰ সংঘই ফুলাম গামোচাৰে উষ্ম আমৰনি জনায়। দলটি ৰেলৱে ষ্টেচন উপস্থিত হোৱাৰ পাছতে ঢোল বাদন আৰু আতচবাজী ফুটাই অনন্দত নৃত্য কৰি আদৰি লৈ যায়।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.