ETV Bharat / state

জৰাসৰৰ তীব্ৰ গৰাখহনীয়াত নৈত জাহ গ’ল কৃষি ভূমি

বাঢ়নী পানীয়ে নদীখনৰ গতিবেগ সলনি হোৱাত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। জৰাসৰ নদীৰ ব্যাপক গৰাখহনীয়াই মোলানগাঁওৰ কেইবাগৰাকী কৃষক ৰাইজৰ কেইবাশ বিঘা কৃষি ভূমি নৈখনৰ বুকুত ইতিমধ্যে জাহ গৈছে ৷

author img

By

Published : Aug 22, 2020, 11:59 AM IST

Rangapara jarasar river Erosion affacted  farmers
জৰাসৰ নৈৰ তীব্ৰ গৰাখহনীয়াত নৈত জাহ গ’ল কৃষি ভূমি

ৰঙাপৰা,22 আগষ্টঃ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মোলানগাঁৱত জৰাসৰ নৈয়ে তীব্ৰ গৰাখহীয়া সৃষ্টি কৰি আহিছে । নৈখনৰ বুকুত জাহ গৈছে দুখীয়া কৃষক ৰাইজৰ শ শ কৃষিভূমি । ৰঙাপৰাৰ কলনী চাহ বাগিচা আৰু মোলানগাঁৱৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈখনে প্ৰত্যেক বছৰে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অহাত কৃষক ৰাইজ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে । কেৱল কৃষি ভূমিয়ে নহয় অতি শীঘ্ৰে নৈখনত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নৈপৰীয়া ৰাইজৰ মাটি-ভেটি সকলে নৈখনৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ।

জৰাসৰ নদীৰ বাঢ়নী পানীয়ে নদীখনৰ গতিবেগ ক্ৰমান্বয়ে সলনি হোৱাত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে । জৰাসৰ নদীৰ ব্যাপক গৰাখহনীয়াই মোলানগাঁওৰ কেইবাগৰাকী কৃষক ৰাইজৰ কেইবাশ বিঘা কৃষি ভূমি নৈখনৰ বুকুত ইতিমধ্যে জাহ গৈছে । অনাগত দিনত নদীখনত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহলে কৃষক ৰাইজৰ কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে মাটি-ভেটি নিশ্চিহ্ন হোৱাটো এক প্ৰকাৰৰ নিশ্চিত ।

ইফালে, দীৰ্ঘদিনৰে স্থানীয় কৃষক ৰাইজে জলসম্পদ বিভাগক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ভুক্তভোগী ৰাইজ ক্ষোভিত হৈ পৰিছে । স্থানীয় বিধায়ক পদ্ম হাজৰিকাক নৈখনত গৰাখনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়কঃ বাক্সাত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী এজন বহিঃৰাজ্যৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.