বিশ্বনাথ,১৩ মাৰ্চ: কাইলৈ অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ অংশ ল’ব কেইবাখনো বিশাল নিৰ্বাচনী সভাত । উল্লেখযোগ্য যে, পুৱা 11.30 বজাত বিশ্বনাথ চাৰিআলিৰ সাধাৰু চাহ বাগিচাৰ খেলপথাৰত উপস্থিত হৈ 76 নং বিশ্বনাথ বিধানসভা ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
আনহাতে, বিয়লি প্ৰায় 1.30 বজাত 78 নং গহপুৰ বিধানসভা সমষ্টিত উপস্থিত হৈ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী উৎপল বৰা হৈ মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব ডফলাগড় চাহ বাগিচাত ।
ইফালে, উক্ত সভাৰ বাবে বিশ্বনাথ জিলা বিজেপিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ’ব লগা সভাখনত প্ৰায় 25 হাজাৰ লোক উপস্থিত হ'ব বুলি প্ৰকাশ কৰে জিলা কোষাধ্যক্ষ পংকজ বৰাই ।
লগতে পঢ়কঃ শিৱসাগৰত উপস্থিত বিজেপি নেত্ৰী স্মৃতি ইৰাণী