চতিয়া,17 মে : ক'ৰণা ভাইৰাছক কেন্দ্ৰ কৰি বহি:ৰাজ্যৰ পৰা অসমলৈ অহা লোক সকলক কোৱাৰেন্টাইন কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন স্থানত কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰিছে ৷ অবিভক্ত শোণিতপুৰ জিলাৰ চতিয়াত সম্ভৱতঃ অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ৰাইজে নিৰ্মাণ কৰিলে কোৱাৰেণ্টাইন চেন্টাৰ ৷ চতিয়াৰ ভেলেউগুৰিত বহিঃৰাজ্যৰ পৰা অহা লোকক হোম কোৱাৰেন্টাইন কৰাৰ বিপৰীতে ৰাইজে নিৰ্মাণ কৰা এই চেন্টাৰত থাকিব লাগিব চৈধ্য দিন ৷
ৰাইজেই যোগান ধৰিব খাদ্য সামগ্ৰী আৰু বৰ্তমান দুজন লোক আছে এই চেন্টাৰতে, আনহাতে দ‘হ বাৰ জন লোকক এই চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে স্থানীয় ৰাইজে ৷ ৰাজ্য চৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভেলেউগুৰি ৰাইজৰ লোবা এই পদক্ষেপ সচাকৈ প্ৰশংসনীয় ৷
লগতে পঢ়কঃ ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কৰ্ণাটকত আৱদ্ধ ছাত্ৰ ছাত্ৰীয়ে অসম আহিবলৈ অনুমতি লাভ