ETV Bharat / state

কৃষি বিধেয়ক বাতিলৰ দাবীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

বিশ্বনাথত আম আদমি পাৰ্টীৰ প্ৰতিবাদ ৷ কৃষি বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত ৷

Protest by Aam Admi Party against Farm Bill at Biswanath
কৃষি বিধেয়ক বাতিলৰ দাবীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ
author img

By

Published : Sep 25, 2020, 9:24 AM IST

বিশ্বনাথ, 25 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে বিশ্বনাথত আম আদমি পাৰ্টীৰ সদস্যই কৃষি বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । দেশত কৃষি বিধেয়ক, 2020 গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰক হত্যাৰ চেষ্টা কৰিছে আৰু এই কাৰ্য কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি সকীয়নি দিয়ে প্ৰতিবাদী সদস্যসকলে ।

কৃষি বিধেয়ক বাতিলৰ দাবীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

ৰাজনৈতিক দলটোৰ সদস্যসকলে প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই শীঘ্ৰে এই বিধেয়কখন বাতিল নকৰিলে ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে । প্ৰতিবাদকাৰী দলটোয়ে মুখত ক'লা কাপোৰ পৰিধান কৰি হাতে হাতে প্লে’কাৰ্ড লৈ বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মৌনভাবে প্ৰতিবাদ কৰি জিলা দণ্ডাধিকাৰীৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

Protest by Aam Admi Party against Farm Bill at Biswanath
কৃষি বিধেয়ক বাতিলৰ দাবীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

লগতে পঢ়ক : ৰাজ্যত কৰ'ণা ভাইৰাছে প্ৰাণ ল’লে 608 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.