ETV Bharat / state

চাৰিলেন যুক্ত পথ নিৰ্মাণত ঠিকাদাৰক অনাদায় 55 কোটি টকা

author img

By

Published : Jul 5, 2021, 8:28 PM IST

TK Engineering Consortium Pvt. Ltd য়ে ঠিকাদাৰ আদায় দিয়া নাই কোটিৰো অধিক টকা ৷ যাৰ বাবে কোম্পানীটোৰ কাৰ্যালয়ত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাদাৰ সকলে ৷

TK Engineering Consortium Pvt. Ltd
চাৰিলেন যুক্ত পথ নিৰ্মাণত ঠিকাদাৰক অনাদায় 55 কোটি টকা

বিশ্বনাথ, 5 জুলাই : TK Engineering Consortium Pvt. Ltd বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিশ্বনাথৰ একাংশ স্থানীয় ঠিকাদাৰ ৷ এই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে 2017 চনতে লাভ কৰিছিল বিশ্বনাথৰ পৰা গহপুৰলৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম ৷ এই কাম লাভ কৰাৰ পাচতে পথ নিৰ্মাণৰ বাবে একাংশ খিলঞ্জীয়া ঠিকাদাৰক বিভিন্ন সামগ্ৰী যোগান ধৰাৰ বাবে দায়িত্ব অৰ্পন কৰিছিল কোম্পানীটোৱে ৷

কথা মতে কাম, খিলঞ্জীয়া এই ঠিকাদাৰ সকলে কোটিৰো অধিক টকা খৰচ(invest) কৰি পথ নিৰ্মাণৰ বাবে বিভিন্ন সামগ্ৰী যোগান ধৰিছিল ৷ ঠিকাদাৰসকলে শিল, বালি, চিমেন্ট পৰা আদি কৰি নিৰ্মাণৰ নিয়োজিত হোৱা শ্ৰমিকৰলৈকে যোগান ধৰিছিল ঠিকাদাৰসকলে ৷ ঠিকাদাৰ সকলে এই কামত প্ৰায় 55 কোটি টকা বিনিয়োগ(invest) কৰিছিল ৷

অভিযোগ অনুসৰি ঠিকাৰদাৰ সকলে যিমান পৰিমাণৰ টকা বিনিয়োগ(invest) কৰিছিল তাৰ এক টকাও কোম্পানীটোৱে বৰ্তমান সময়লৈকে আদায় দিয়া নাই ৷ অনাদায় হৈ আছে প্ৰায় 55 কোটি টকা ৷ যাৰ বাবে, এতিয়া ক'ভিডৰ এই জটিল পৰিস্থিতিৰ মাজত ঠিকাদাৰ সকলে কামৰ বাবে টকা সংগ্ৰহ কৰা উৎসক টকা ঘূৰাই দিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

সাংবাদিকক ভুক্তভোগী ঠিকাদাৰ সকলে জানিবলৈ দিয়া অনুসৰি, TK Engineering Consortium Pvt. Ltd ৰ কৰ্তৃপক্ষই invest ৰ টকাখিনি আজিকোপতি অনুমোদন কৰি দিয়া নাই ৷ কৰ্তৃপক্ষক বহুবাৰ প্ৰাপ্য টকাখিনি অনুমোদন কৰি দিবৰ বাবে আবেদন কৰিছিল যদিও গুৰুত্ব প্ৰদান কৰা নাই কোম্পানীৰ কৰ্তৃপক্ষয় ৷ কোম্পানীটোৱে আজি দিম কালি দিম কৈ আজিও টকাখিনি মোকলাই দিয়া নাই বুলি সদৰি কৰিছে ঠিকাদাৰ সকলে ৷

উপায়হীন ঠিকাদাৰ সকল ৷ যাৰ বাবে অনাদায় হৈ থকা invest ৰ টকাখিনি মোকলাই আনিবৰ বাবে TK Engineering Consortium Pvt. Ltd ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাৰসকলে ৷ বিশ্বনাথ জিলাৰ বিহালী নাচবৰস্থিত TK Engineering Consortium Pvt. Ltd ৰ কাৰ্যালয়ত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাদাৰ সকলে ৷ ঠিকাদাৰ সকলে অনাদায় টকা মোকলাই আনিবৰ বাবে মুখ্যমন্ত্ৰীৰ তথা সংশ্লিষ্ট বিভাগৰ হস্তক্ষেপও বিচাৰিছে ৷

খিলঞ্জীয়া ব্যক্তিক ভাতে মৰাৰ ষড়যন্ত্ৰ নচলিব, অনাদায় ধন আদায় দিয়ক আদি শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে কুৰিৰো অধিক ঠিকাদাৰে ৷ TK Engineering Consortium Pvt. Ltd ৰ কৰ্তৃপক্ষক অতি সোনকালে অনাদায় টকা আদায় দিবলৈ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাদাৰ সকলে ৷ অন্যথা ঠিকাদাৰ সকলে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: ৰোগীৰ blood test ৰ নামত ভূৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.