ETV Bharat / state

খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰক: পাৰ্থপ্ৰতিম বৰা

author img

By

Published : Aug 3, 2020, 1:21 PM IST

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক তথা এনএছইউআই-ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি পাৰ্থপ্ৰতিম বৰাই সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ বিগত 30 জুলাইত চতিয়াৰ জামুগুৰিহাট চকীঘাটত ভূমি দখলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত সংবাদমেলখন অনুষ্ঠিত কৰা হয় ৷

Pressmeet of parthapratim Bora Sootea Biswanath assam etv bharat news
খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ সন্দৰ্ভত পাৰ্থপ্ৰতিম বৰাৰ সংবাদমেল

চতিয়া,৩ আগষ্ট: বিগত 30 জুলাইত চতিয়া থানাৰ জামুগুৰিহাট চকীঘাটত ভূমি দখলক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ ৷ পূৰ্বে দখল কৰা ভূমিত সন্দেহজনক একাংশ লোকে প্ৰশাসনৰ লোকক হাতে হাতে যাঠি-জোং লৈ বাধা প্ৰদানৰ লগতে আক্ৰমণ কৰি আহত কৰিছিল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া ৷ সোমবাৰে চকীঘাটৰ বিষয়ক কেন্দ্ৰ কৰি এক সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক তথা এনএছইউআই-ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি পাৰ্থপ্ৰতিম বৰাই ৷ জামুগুৰিহাটৰ মূঢ়াদলত আয়োজন কৰা উক্ত সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে জন সাধাৰণক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন নেতাগৰাকীয়ে ৷ তদুপৰি বিষয় প্ৰসংগত বৰাই এইদৰেও কয় যে,গৃহ বিভাগক আশা নকৰি আত্মৰক্ষাৰ অৰ্থে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হাতত বন্দুক তুলি ল’বলগীয়া হৈছে ৷ য’ত এগৰাকী বিধায়কৰে সুৰক্ষা নাই তাত জনসাধাৰণ কেনেদৰে সুৰক্ষিত হ’ব বুলি বৰাই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে ৷ গৃহ বিভাগে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি আনক এই বিভাগৰ দায়িত্ব দিয়া উচিত ৷

চকীঘাটলৈ আহিবলৈ ৰিপুণ বৰাক আহ্বান

লগতে চকীঘাটৰ উক্ত ঘটনাত জড়িত সন্দেহজনক ব্যক্তিসকলক চিনাক্ত কৰি ডিটেনচন কেম্পত ৰখাৰ ব্যৱস্থা কৰা উচিত বুলিও দাবী কৰে পাৰ্থপ্ৰতিম বৰাই ৷ শেহতীয়াকৈ সংঘটিত চকীঘাটৰ ঘটনাই অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে ৷ সেয়ে শীঘ্ৰে এইক্ষেত্ৰত ৰাজ্য চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে ৷ অসমক বাংলাদেশৰ চৰণীয়া পথাৰলৈ পৰিণত কৰাৰ পূৰ্বে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত কোনো আক্ৰমণ সহ্য নকৰাৰ কথা সংবাদমেলখনত ব্যক্ত কৰে বৰাই ৷

ইপিন চকীঘাটত খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত খিলঞ্জীয়াৰ পক্ষত মাত মাতিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ৰিপুণ বৰাক ৷ লগতে চকীঘাটৰ ঘটনাৰ পিছতে উক্ত স্থানত উপস্থিত হোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হাতত বন্দুক লোৱা প্ৰসংগত ৰিপুণ বৰাই সমালোচনা কৰা সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে কয় যে,পদ্ম হাজৰিকাই হাতত বন্দুক কিয় ল’বলগীয়া হ’ল সেয়া ৰিপুণ বৰাৰ বুজাত ভুল হৈছে ৷ গতিকে কংগ্ৰেছ সভাপতিগৰাকী চকীঘাটলৈ আহিবলৈ জনোৱাৰ লগতে সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰক অনুৰোধ জনায় ৷

লগতে চাওকঃ বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গত গেছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে : WIIৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.