ETV Bharat / state

উবেৰাইজেছন আঁচনিত অনুমোদন ৰাজ্যিক কেবিনেটৰ: অশোক ভট্টৰায়

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ৷ নিগমৰ মুৰব্বী গৰাকীয়ে ৰাজ্যিক কেবিনেটে উবেৰাইজেছন আঁচনিত জনোৱা অনুমোদনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে চৰকাৰক ৷

author img

By

Published : Aug 12, 2020, 9:30 AM IST

Pressmeet of ASTC chairperson biswanath assam etv bharat news
সংবাদমেল সম্বোধন

বিশ্বনাথ,12 আগষ্ট: অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ ভট্টৰায়ে সংবাদমেলখন সম্বোধন কৰি ৰাজ্যিক কেবিনেটে উবেৰাইজেছন আঁচনিত জনোৱা অনুমোদনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে চৰকাৰক ৷ উল্লেখ্য যে,এই আঁচনিৰ দ্বাৰা অসমত পোনপ্ৰথমবাৰৰ বাবে ৬৬৮ খন বাছ ক্ৰয় কৰিবলৈ নিৰ্বাচিত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে ৷ উক্ত বাছসমূহৰ ভিতৰত ২৩৩ খন বাছ গুৱাহাটীত চিটিবাছ হিচাপে চলিব ৷

সংবাদমেল সম্বোধনঅসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষৰ

মহানগৰীৰ উপৰিও যোৰহাটত 15 খন,শিলচৰত 15 খন,তেজপুৰত 10 খন আৰু ডিব্ৰুগড়ত 10 খনকৈ বাছ চলিব ৷ প্ৰায় ১৪৭ খন বাছ কম দুৰত্বত চলাৰ বিপৰীতে ২৩৮ খন বাছ দূৰণিবটীয়া যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷ তদুপৰি ১৫০খন বাছ দিনৰ ভাগত চলাৰ উপৰিও বাকী বাছকেইখন নিশাৰ ভাগত চলিব বুলি পৰিবহন নিগমৰ অধ্যক্ষগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷ সমান্তৰালকৈ হোজাই,বিশ্বনাথ,চতিয়া আৰু বৰগাঙক ৰাজ্যিক পৰিবহণ নিগমৰ বাছ টাৰ্মিনাচ হিচাপে নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে অশোক ভট্টৰায়ে ৷ ইয়াৰোপৰি চৰকাৰে বাছ ক্ৰয়ৰ বাবদ হিতাধিকাৰীক যোগান ধৰিব ২৫% ধন ৷ লগতে অতিৰিক্ত টকাখিনি বেংকৰ পৰা ঋণযোগে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে ৷

লগতে চাওকঃ বিশ্বৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক প্ৰতিষেধকৰ প্ৰথম চিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.