ETV Bharat / state

বৰগাং বন বিভাগৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰস্তুতি - Amrit Brikshya Andolan in Assam

৮ লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে বৰগাং বন বিভাগে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন । পূৱ শোণিতপুৰ বন সংমণ্ডল আৰু বৰগাং বন বিভাগে অসম অৰুণাচল সীমান্ত বিহালী সংৰক্ষিত বনাঞ্চলত সাজু কৰি তুলিছে ৫ হেক্টৰ ভূমি ।

Preparations for Amrit Brikshya Andolan in Biswanath
বৰগাং বন বিভাগৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰস্তুতি
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 11:46 AM IST

বৰগাং বন বিভাগৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰস্তুতি

বিশ্বনাথ, ২১ ডিচেম্বৰ: আপুনি মই বহু আন্দোলন দেখা পাইছো । ৰাজপথত সামান্য কথাতে আন্দোলন কৰিবলৈ শ শ লোক ওলাই অহা আপুনি দেখিছে । এনে আন্দোলনসমূহত অংশগ্ৰহণ কৰে বিভিন্ন ৰাজনৈতিক দল অথবা ছাত্ৰ সংগঠনৰ সদস্যসকলে । পিছে এইবাৰ এক ব্যতিক্ৰমী আন্দোলন । এইবাৰ খোদ ৰাজ্য চৰকাৰ নেতৃত্বত গঢ়লৈ উঠিছে এক আন্দোলন । এই আন্দোলন কাৰো বিৰুদ্ধে নহয় । এই আন্দোলন প্ৰকৃতি সুৰক্ষা আৰু অসমখন সেউজীয়া কৰা আন্দোলন ।

ৰাজপথৰ আন্দোলনৰ বিপৰীতে এইবাৰ অসম চৰকাৰে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন ৷ উদ্দেশ্য হৈছে সেউজ অসম পৰিৱেশ সংৰক্ষণৰ সচেতনতা, প্ৰদূষণ মুক্ত, বিদ্যালয় মহাবিদ্যালয়, বনাঞ্চল আদিত ব্যাপক হাৰত গছ পুলি ৰোপণৰ জৰিয়তে এক বৃহৎ উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন । এই আন্দোলনৰ জৰিয়তে অসমত প্ৰতি বছৰে এক কোটিকৈ গছ পুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে ।

ইতিমধ্যে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ১ কোটি গছ পুলি ৰোপণ কৰি এক ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে পঞ্চায়ত প্ৰতিনিধি, বিদ্যালয়-মহাবিদ্যালৰ শিক্ষক, ছাত্ৰ-ছাত্রীয়ে সম্পূৰ্ণ সহযোগিতা কৰি অমৃত বৃক্ষ আন্দোলন সফল কৰি তোলা দেখা গ'ল । ইয়াৰ পিছতে অমৃত বৃক্ষ আন্দোলনৰ লক্ষ্যৰে ২০২৪ চনৰ এপ্ৰিল মাহত বিহালী সমষ্টিতৰ বিভিন্ন অঞ্চলৰ লগতে বিহালী সংৰক্ষিত বনাঞ্চলত ৮ লাখ গছ পুলি ৰোপণৰ লক্ষ্য লৈছে পূৱ শোণিতপুৰ বন সংমণ্ডল আৰু বৰগাং বন বিভাগে ।

সেয়ে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন। সমগ্ৰ বিহালী অঞ্চলত যাতে ২০২৪ চনৰ এপ্ৰিল মাহত ৮ লাখ গছ পুলি বিতৰণ আৰু ৰোপণ কৰিবলৈ বৰগাং বন বিভাগে অসম অৰুণাচল সীমান্তৰ বিহালী সংৰক্ষিত বনাঞ্চলত সাজু কৰি তুলিছে ৫ হেক্টৰ ভূমি। কিদৰে গছপুলি ৰোপণ কৰিবলৈ সাজু কৰা হৈছে জনালে বিভাগটোৰ বিষয়াসকলে।

লগতে পঢ়ক: কাছাৰত জব্দ বুজন পৰিমাণৰ চোৰাং কাঠ , নিশাৰ আন্ধাৰত বৰাক নদীৰে সৰবৰাহ হয় চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.