বিশ্বনাথ, 25 ডিচেম্বৰ : অসম লোক সেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত স্থান দখল কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলাৰ দুগৰাকীকৈ যুৱতীয়ে ৷ সদ্য ঘোষিত এপিএচচি ফলাফলত জিলাখনৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰীৰ কলমৌগুৰী নিবাসী প্ৰয়াত পূৰ্ণেশ্বৰ বৰা আৰু পাৰুল বৰাৰ জীয়াৰী নমিতা বৰাই 37 নং স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান তেওঁ এগৰাকী টেট শিক্ষয়িত্ৰী ৷

ইফালে, নৱম স্থান দখল কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে বিশ্বনাথ চাৰিআলি গঁড়েহাগিৰ সংগীতা বৰুৱাই । গঁড়েহাগি গাঁৱৰ নিবাসী নিৰঞ্জন বৰুৱাৰ কন্যা তথা মধুপুৰ নিবাসী চন্দন সন্দিকৈৰ পত্নী সংগীতা বৰুৱাক বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা বৃহস্পতিবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে ৰূপম দাস, বিক্ৰম বিকাশ বৰা, ভাস্কৰ চামুৱা, সুৰজ ভূঞা, উদীপ্ত ভূঞা আদি ৷

লগতে পঢ়ক:পুনৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ