ETV Bharat / state

ৰঙিয়া আৰু বিশ্বনাথত পোষণ অভিযান

author img

By

Published : Sep 13, 2019, 8:33 PM IST

ৰঙিয়া আৰু বিশ্বনাথত পোষণ অভিযান ৷ অভিযানৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত এক বিশেষ পোষণ ৰথ যাত্ৰা আৰম্ভ কৰা হয় ৷ ৰঙিয়াস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ পৰা অংগনৱাড়ীৰ মুখ‍্য সহায়িকা, কৰ্মী আৰু সহায়িকাসকলে নাম গায় শিশুৰ যত্নৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশাল সমদল উলিওৱা হয় ৷

ৰঙিয়া আৰু বিশ্বনাথত উদযাপন পোষণ অভিযান

নিউজ ডেস্ক, 13 চেপ্তেম্বৰঃ দেশত মহিলা আৰু শিশুৰ পৰিপুষ্টি সুনিশ্চিত কৰাৰ অৰ্থে 1 চেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে পোষণ অভিযান৷ ইয়াৰ লগতে সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত এক বিশেষ পোষণ ৰথৰ যাত্ৰা আৰম্ভ কৰা হয় ৷ জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা সৰ্বশিক্ষা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সহযোগত উলিওৱা এই ৰথযাত্ৰাৰ পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ৷ উপায়ুক্তগৰাকীয়ে কয় যে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, অপৈণত বিকাশ, পুষ্টিহীনতা, ৰক্তহীনতা আৰু জন্মৰ সময়ত কম ওজন আদি সমস্যাসমূহ দূৰ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাই এই অভিযানৰ মূল উদ্দেশ্য ৷ পতাকা উত্তোলন অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যও উপস্থিত থাকে ৷ এই ৰথযাত্ৰাত বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংগনৱাড়ী কৰ্মী-সহায়িকা, সৰ্বশিক্ষা অভিযানৰ খণ্ড সমল সমন্বয়কসকল আৰু সমাজ কল্যাণ বিভাগ, প্ৰাথমিক শিক্ষা বিভাগ আদিৰ বহুসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

ৰঙিয়া আৰু বিশ্বনাথত উদযাপন পোষণ অভিযান
বিশ্বনাথৰ সমান্তৰালকৈ ৰঙিয়াতো পালন কৰা হয় পোষণ সপ্তাহ ৷ ৰঙিয়াস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ পৰা অংগনৱাড়ীৰ মুখ‍্য সহায়িকা, কৰ্মী আৰু সহায়িকাসকলে নাম গাই শিশুৰ যত্নৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশাল সমদল উলিয়াই৷ ৰঙিয়াৰ চেপ্তিত থকা কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি দুই শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই এই সমদলত অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝুনঝুনত শুভ উদ্বোধন কৰা ‘পোষণ অভিযান’ হৈছে এক ৰাষ্ট্ৰীয় অভিলাষী আঁচনি যাৰ অধীনত জন্মৰ পৰা ৬ বছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ অৱস্থা উন্নত কৰা হয়৷

Intro:as_biswanath_802_13_seb_Rashtriya_poshan maah_photo_vis_scrpt_as10018

Body:as_biswanath_802_13_seb_Rashtriya_poshan maah_photo_vis_scrpt_as10018

Conclusion:as_biswanath_802_13_seb_Rashtriya_poshan maah_photo_vis_scrpt_as10018

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশ্বনাথত পোষণ ৰথ উদ্বোধন

দেশত মহিলা আৰু শিশুৰ পৰিপুষ্টি সুনিশ্চিত কৰাৰ অৰ্থে যোৱা পহিলা ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো আৰম্ভ হোৱা পোষণ অভিযান (পুষ্টি অভিযান)ৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত আজি এক বিশেষ পোষণ ৰথৰ যাত্ৰা আৰম্ভ কৰা হয়। এই উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখৰ পৰা এক পোষণ ৰেলীও উলিওৱা হয়। জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা (সৰ্বশিক্ষা)মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সহযোগত উলিওৱা এই ৰথযাত্ৰা ফ্লেগ অফ্ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে। নিজৰ চমু ভাষণত উপায়ুক্তগৰাকীয়ে কয় যে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, অপৈণত বিকাশ, পুষ্টিহীনতা, ৰক্তহীনতা আৰু জন্মৰ সময়ত কম ওজন আদি সমস্যাসমূহ দূৰ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাই এই অভিযানৰ মূল উদ্দেশ্য। পোষণ অভিযানৰ জড়িয়তে এতিয়া সমাজ-কল্যাণ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ আদিকে ধৰি স্থাস্থ্য আৰু পৰিপুষ্টিৰ লগত জড়িত সকলো বিভাগে একত্ৰিত হৈ এই সমস্যাসমূহ সমাধানৰ বাবে কাম কৰিব। ফ্লেগ অফ্ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যও উপস্থিত থাকে। বিশ্বনাথ চাৰিআলিৰ বিভিন্ন শিক্ষানুষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ আদি পৰিভ্ৰমণ কৰিব লগা এই ৰথযাত্ৰাত বিশ্বনাথ চাৰিআলিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংগনৱাড়ী কৰ্মী-সহায়িকা, সৰ্বশিক্ষা অভিযানৰ খণ্ড সমল সমন্বয়কসকল আৰু সমাজ কল্যাণ বিভাগ, প্ৰাথমিক শিক্ষা বিভাগ আদিৰ বহুসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰেপৰাই শিশু, কিশোৰ, গৰ্ভৱতী মহিলা আৰু প্ৰসূতিসকলৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি বিশেষ দৃষ্টি প্ৰদান কৰি আহিছে। ২০১৮ চনৰ ৮ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝুনঝুনত শুভ উদ্বোধন কৰা ‘পোষণ অভিযান’ হৈছে এক ৰাষ্ট্ৰীয় অভিলাষী আঁচনি যাৰ অধীনত জন্মৰ পৰা ৬ বছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ অৱস্থা উন্নত কৰা হয়। পোষণ অভিযানৰ অংশ হিচাপে গৰ্ভৱতী মাতৃৰ যতন(স্বাস্থ্য আৰু পুষ্টি), শিশুক জন্মৰ পৰা ছমাহলৈ কেৱল মাতৃদুগ্ধ পান, শিশুৰ ছমাহ হোৱাৰ লগে লগে মাতৃ দুগ্ধৰ উপৰি পৰিপূৰক খাদ্য প্ৰদান, শিশু, কিশোৰ আৰু গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা দূৰীকৰণ, অংগনৱাড়ী কেন্দ্ৰত শিশুৰ ওজন লৈ ইয়াৰ বৃদ্ধি আৰু স্বাস্থ্য নিৰীক্ষণ কৰা, কন্যা শিশুৰ উপযুক্ত শিক্ষা, খাদ্য আৰু বিবাহৰ সঠিক বয়সৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, পুষ্টিহীনতা দূৰীকৰণৰ বাবে গুণবৰ্ধক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ, স্বচ্ছতা আৰু অনাময় ব্যৱস্থাৰ লগতে সৰ্বসাধাৰণ লোকৰ জীৱনশৈলী উন্নত কৰা আদি বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। এই অভিযানৰ লগত সমাজ কল্যাণ বিভাগৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগো জড়িত হৈ আছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.