ETV Bharat / state

পয়ালগা অৱস্থাত এটি গুৰুত্বপূৰ্ণ সংযোগী পথ: নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি

author img

By

Published : Oct 8, 2022, 8:29 AM IST

বালিচাং ভীমাজুলি সংযোগী পথৰ বিধস্ত ৰূপ((Poor Road condition at Biswanath)) । পথ মেৰামতিৰ বাবে কাণসাৰ নাই সংশ্লিষ্ট বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ । যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ ৷

Poor Road condition at Biswanath
পয়ালগা অৱস্থাত এটি গুৰুত্বপূৰ্ণ সংযোগী পথ: নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি

বিশ্বনাথ,৭ অক্টোবৰ: পয়ালগা অৱস্থাত বিশ্বনাথ জিলাৰ এটি পথ(Poor Road condition at Biswanath) ৷ জিলাখনৰ বালিচাং ভীমাজুলি সংযোগী পথৰ বিধস্ত ৰূপে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ জিলাখনৰ লোক নিৰ্মাণ বিভাগৰ অধীনষ্ঠ অসম-অৰুণাচল সীমান্তৰ বালিচাং পঞ্চায়তৰ অন্তৰ্গত বালিচাং প্ৰাথমিক বিদ্যালয় আৰু ডাকঘৰৰ কাষেৰে ভীমাজুলিলৈ যোৱা গুৰুত্বপূৰ্ণ সংযোগী পথটোৰ দুৰাৱস্থাৰ বাবে এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে ৷

এজাক বৰষুণ দিলেই পথটোৰে যাতায়তৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে স্থানীয় লোকসকলৰ ক্ষেত্ৰত ৷ লগতে সমস্যাৰ সন্মুখীন হয় শিক্ষাৰ্থীসকলো ৷ অঞ্চলটোৰৰ অন্যতম সংযোগী পথ হিচাপে পৰিগণিত হোৱা এই পথটিৰ ঠায়ে-ঠায়ে মেৰামতিৰ অভাৱত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত ৷ সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে জৰাজীৰ্ণ পথটোৰে অতি কষ্ট তথা বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, ৰোগীৰ লগতে সমগ্ৰ গাঁওবাসী ৷

বালিচাং হাইস্কুল, দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়ত কৰা এই মূল পথটোৰ নাজল-নাথল অৱস্থাই সৰ্বসাধাৰণৰ লগতে জোলোকা-জোলোকে পানী খুৱাইছে শিক্ষাৰ্থীসকলকো ৷ আনকি পথটোৰ দুৰৱস্থাৰ বাবেই জৰুৰীকালীন সেৱা লাভৰ পৰাও বঞ্চিত হৈ আহিছে সংশ্লিষ্ট ৰাইজ ৷ তাৰ পাছতো অঞ্চলটো তথা সমষ্টিবাসীৰ সুবিধা-অসুবিধাৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই সংশ্লিষ্ট বিভাগ তথা বিশ্বনাথ সমষ্টিৰ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ৷

গুৰুত্বপূৰ্ণ সংযোগী পথটো মেৰামতি কৰি দিবলৈ ইতিমধ্যে কেইবাবাৰো স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু লোক নিৰ্মাণ বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও ৰাইজৰ সমস্যা-অসুবিধাৰ প্ৰতি গুৰুত্ব নিদি নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ লগতে উন্নয়ণৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সৰ্বসাধাৰণৰ দুখ-দুৰ্গতি আতঁৰাবলৈ সক্ষম হোৱা নাই বুলি কলে ক্ষুভিত ৰাইজে ৷

লগতে পঢ়ক: তেজস্বিতাৰ পূৰ্বেও চিকিৎসাৰ অভাৱত মাজুলীত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.