ETV Bharat / state

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে পথচাৰীক - বিশ্বনাথৰ বৰগাঙ

বিশ্বনাথৰ বৰগাঙৰ পৰা গহপুৰলৈ যোৱা প্ৰায় 60 কিল’মিটাৰ দৈৰ্ঘৰ পথছোৱা এজাক বৰষুণতে পৰিৱৰ্তিত হয় পুখুৰীলৈ ৷ পথটোৰ অধিকাংশ স্থানতে দেখা গৈছে এনে পুখুৰী সদৃশ পৰিৱেশ ৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে দুৰৱস্থাৰ পিছতো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

Poor condition of NH 15 in bihali biswanath assam etv bharat news
15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা
author img

By

Published : Sep 20, 2020, 5:42 PM IST

বিশ্বনাথ,20 চেপ্তেম্বৰ: 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জীয়াতু ভূগিছে বিশ্বনাথবাসীয়ে ৷ বিশ্বনাথৰ বৰগাঙৰ পৰা গহপুৰলৈ যোৱা প্ৰায় ৬০ কিল’মিটাৰ দৈৰ্ঘৰ পথছোৱা এজাক বৰষুণতে পৰিৱৰ্তিত হয় পুখুৰীলৈ ৷ পথটোৰ অধিকাংশ স্থানতে দেখা গৈছে এনে পুখুৰী সদৃশ পৰিৱেশ ৷ মূলতঃ বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে সৃষ্টি হৈছে এনে পৰিৱেশৰ ৷ যাৰ ফলত সাধাৰণ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা ৷ এনে দুৰ্ঘটনাৰ ফলত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে ৷

15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে দুৰৱস্থাৰ পিছতো মেৰামতিৰ বাবে বিভাগে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ জিলাখনৰ বিভিন্ন দল-সংগঠনে প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছে যদিও পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এনে পৰিৱেশৰ মাজতে অব্যাহত আছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ৷ এই পথ নিৰ্মাণৰ দায়িত্বত ন্যস্ত আছে টি কে ইঞ্জিনীয়াৰিং নামৰ পথ নিৰ্মাণকাৰী এটা সংস্থা ৷ সংস্থাটোৰ লেহেমীয়া কামৰ বাবে সম্প্ৰতি এনে পৰিৱেশ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথটোত ৷

লগতে চাওকঃ নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.