ETV Bharat / state

Poor road communication in Assam: চৰকাৰৰ উন্নয়নৰ স্বৰূপ উদঙাই গহপুৰত অৰুণাচলী লোকে সাজিলে বাঁহৰ দলং

অৰুণাচলী লোকে অসমত নিৰ্মাণ কৰিলে বাঁহৰ দলং । অৰুণাচলী লোকে অসমত নিৰ্মাণ কৰিলে বাঁহৰ দলং ।

author img

By

Published : Aug 19, 2023, 6:10 PM IST

Arunachali people make bamboo bridge in Gahpur
উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে গহপুৰ বাঁহৰ দলঙে

বিশ্বনাথ, ১৯ আগষ্ট :ৰাজ্য় চৰকাৰে অহৰহ উন্নয়ন কৰা বুলি দাবী কৰি থকা সময়তে উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে গহপুৰ বিধানসভা সমষ্টিৰ ভগ্ন ছবিয়ে । এই সমষ্টিটো এতিয়া উন্নয়নৰ নামত ফুটুকাৰ ফেনলৈ পৰিণত হৈছে । ৰাইজৰ দুখ-দুৰ্দশা দেখি অসমৰ জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এজন অৰুণাচলী লোকে ।

ৰাইজৰ সহায়ক হোৱাকৈ অৰুণাচলী লোকজনে এক লাখ বিশ হাজাৰ টকা ব্যয় সাপেক্ষে অসমৰ গহপুৰ সমষ্টিৰ এখন গাঁৱত নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং । এতিয়া যাতায়তৰ ক্ষেত্ৰত একমাত্ৰ গহপুৰ সমষ্টিৰ সোনাপুৰবাসী ৰাইজৰ সম্বল এই বাঁহৰ দলঙখন । উল্লেখযোগ্য যে ৮০ দশকত ASTC ৰ ৰঙাবাছে পুৱা-গধূলি চুইযোৱা গহপুৰৰ সোনাপুৰ গাঁওখনলৈ এতিয়া এখন এম্বুলেন্সৰ বাবে জনসাধাৰণে কৰিব লাগে হাহাকাৰ ।

বিগত বৰ্ষত সোলেঙী নৈৰ বানে অঞ্চলটোৰ পকী পথ তিনি ঠাইত চিঙি পেলায় । পৰৱৰ্তী সময়ত বাঁহৰ দলঙৰ ব্যৱস্থা কৰা হৈছিল যদিও কেইমাহমান দিনৰ ভিতৰতে ভাঙি যায় । ফলত গাওঁখনৰ ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছিল । কিন্তু সেই সমস্যাৰ বুজ ল'বলৈ আহৰি নাই গহপুৰ সমষ্টিৰ জনপ্ৰতিনিধিৰ ।

বৰ্তমান গাওঁখনৰ ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এজন অৰুণাচল প্ৰদেশৰ লোকে নিৰ্মাণ কৰি দিছে এখন বাঁহৰ দলং । এতিয়া সেই দলঙৰ জৰিয়তে চলিছে দৈনিক সহস্ৰাধিক লোকৰ যাতায়াত । ইফালে,বৰ্তমানেও কাষৰ এচোৱা চিঙা পথত নাই কোনো যাতায়তৰ ব্যৱস্থা । দুৰ্ভাগ্যজনক বিষয় যে অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক কেইবাবাৰো সমস্যাৰ বিষয়ে অৱগত কৰি আহিছে যদিও লাভ কৰা নাই সুফল ।

পৰিৱৰ্তনৰ শ্লোগান আওৰাই থকা চৰকাৰৰ দিনত এজন অৰুণাচলী লোকে অসমত নিৰ্মাণ কৰি দিয়া বাঁহৰ দলঙৰে ৰাইজে যাতায়ত কৰাটো প্ৰতি গৰাকী স্বভিমানী অসমীয়াক লজ্জানত কৰিছে । ৰাইজে অতি শীঘ্ৰে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Power crisis in Bihpuria:বিহপুৰীয়াত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ ৰাইজৰ মাজনিশা প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.