ETV Bharat / state

পেচাত ডাইভ্ৰাৰ নিচাত এজন শিল্পী, বনায় কাঠৰ গীতাৰ

বিশ্বনাথৰ ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মঞ্চত নিজে সাজি উলিওৱা গীটাৰৰে অনুষ্ঠান পৰিৱেশন কৰি আহিছে । হাজৰিকাই অসমৰ খ্যাতনামা কণ্ঠশিল্পী বিদ্যাসাগৰ ,নাহিদ আফ্ৰিনৰ গীততো গীতাৰ বাদক ৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ তাৰোপৰি হাজৰিকাই বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ লগতে গীতাৰ সাজি উলিয়াইছে ৷

সংকটত ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকা
author img

By

Published : Aug 21, 2019, 2:32 PM IST

Updated : Aug 21, 2019, 3:17 PM IST

বিশ্বনাথ, 21 আগষ্টঃ বিশ্বনাথৰ এগৰাকী সু-নিপুণ ভাস্কৰ্য্যশিল্পী ৷ তেখেতৰ নাম কৃষ্ণকান্ত হাজৰিকা । পেচাত এগৰাকী গাড়ী চালক,কিন্তু তেখেতৰ আছে অ-সাধাৰণ প্ৰতিভা ৷

সংকটত ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকা

বিশ্বনাথৰ বালিচাঙৰ অন্তৰ্গত লছমনবস্তি গাৱঁত ঘৰ কৃষ্ণকান্ত হাজৰিকাৰ ৷ বাপন তথা কে কে নামেৰে খ্যাত যুৱক জন পেচাত এগৰাকী গাড়ী চালক ৷ সংগীততো বিশেষ ৰাপ থকা যুৱক জনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মঞ্চত নিজে সাজি উলিওৱা গীটাৰ বজাই গীতাৰবাদক ৰূপে সকলোৰে পৰিচিত । যুৱকজনে অসমৰ খ্যাতনামা কণ্ঠশিল্পী বিদ্যাসাগৰ ,নাহিদ আফ্ৰিনৰ গীততো গীতাৰ বাদক ৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰিও অনাতাঁৰ কণ্ঠশিল্পী সকলৰ সৈতেও গীতাৰ বজাই সুনাম অৰ্জন কৰে হাজৰিকাই ৷ উল্লেখ্য যে, হাজৰিকাই কাঠেৰেই সাজি উলিযাইছে নানা ধৰণৰ গীতাৰৰ লগতে জীৱ-জন্তুৰ চিহ্ন ৷ তেঁও সাজি উলিওৱা গীটাৰ সমুহ চাবৰ বাবে বিভিন্ন স্থানৰ মানুহৰ সমাগম হৈছে তেঁওৰ ঘৰলৈ ৷
পৰিতাপৰ বিষয় যে, কৃষ্ণ কান্ত হাজৰিকাৰ আৰ্থিক দিশ একেবাৰে শোচনীয় ৷ এই পৰ্যন্ত কোনো ধৰনৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই হাজৰিকাই ৷ সেয়েহে তেওঁ চৰকাৰক কিছু আৰ্থিক সহায়ৰ বাবে আহ্বান জনাইছে।

Intro:as_biswanath_801_21_aug_ Bhaskarjya_Xilpi_vis_byte_scrpt_as10018Body:as_biswanath_801_21_aug_ Bhaskarjya_Xilpi_vis_byte_scrpt_as10018Conclusion:as_biswanath_801_21_aug_ Bhaskarjya_Xilpi_vis_byte_scrpt_as10018

বিশ্বনাথৰ এগৰাকী ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকা।
#নিজ হাতেৰে সাজি উলিয়াইছে ইলেক্ট্ৰনিক গীটাৰ আৰু বিভিন্ন ধৰণৰ আকৰ্ষণীয় সামগ্ৰী

একাগ্ৰতা আৰু সাধনা থাকিলে অসাধ্যৰো সাধন হয় ৷ প্ৰচাৰৰ অভাৱত আৰু চৰকাৰ সদিচ্ছাৰ অভাৱৰ হেতু বহু প্ৰতিভাবান লোকৰ সুপ্ত প্ৰতিভাৰ উমান পোৱা নাযায় ৷ বিশ্বনাথৰ বালিচাঙৰ অন্তৰ্গত লছমনবস্তি গাৱৰ এগৰাকী যুৱক নাম কৃষ্ণকান্ত হাজৰিকা ৷ বাপন তথা কে কে নামেৰে খ্যাত যুৱক জন পেচাত এগৰাকী গাড়ী চালক ৷ সংগীততো বিশেষ ৰাপ থকা যুৱক জনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মঞ্চত নিজে সাজি উলিওৱা গীটাৰ বজাই গীতাৰবাদক ৰূপে সেৱা আগবঢ়াই আহিছে। স্ব- সাধনাৰে বিভিন্ন ধৰনৰ বাদ্যযন্ত্ৰও বজাবলৈ সক্ষম হোৱা যুৱকজন অসমৰ খ্যাতনামা কণ্ঠশিল্পী বিদ্যাসাগৰ ,নাহিদ আফ্ৰিনৰ গীততো গীতাৰ বাদক ৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰিও অনাতাৰ কণ্ঠ শিল্পী সকলৰ সৈতেও গীতাৰ বজাই সুনাম অৰ্জন কৰে৷ কাঠেৰেই পশ্চিমীয়া দেশৰ শৈলীৰে নিৰ্মাণ কৰা গীটাৰ সমুহ চাবৰ বাবে বিভিন্ন স্থানৰ মানুহৰ সমাগম হয়৷ তেওঁ বৰ্তমান কাঠ আৰু বাহেঁৰে ডলফিন,ডাইনোচৰাছ ,তৰামাছ,পেঙ্গুইন ড্ৰেগনকে ধৰি বিভিন্ন প্ৰজাতিৰ সাগৰীয় জীৱ জন্তু, মাছ,সাপ, সৰীসৃপ,আদি হুবহু নিৰ্মাণ কৰি ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হৈছে ৷ তদুপৰি কাঠৰ পখিলা, ভাটৌ চৰাই,শালিকা ,বগলীকে আদি কৰি বিভিন্ন প্ৰজাতিৰ চৰাই,চিৰিকতি, হৰিন ,গড় মেকুৰীৰ লগতে ভিন ভিন জাতৰ জীৱ জন্তু সাইলাখ কাঠ আৰু বাহেৰেই নিৰ্মাণ কৰি উলিয়াই ৷ আনহাতে সৰু বৰ ৰাষ্ট্ৰীয় পতাকাও সাজি উলিয়াইছে। পৰিতাপৰ বিষয় এই যুৱক জনৰ আৰ্থিক দিশ একেবাৰে শোচনীয় ৷ কৃষ্ণকান্ত হাজৰিকাৰ পত্নী আৰু এটি কন্যা সন্তান আছে ৷ তেওঁ সাজি উলিয়াও সামগ্ৰী সমূহ ভালকৈ ৰাখিবলৈও সুবিধা নাই তেওঁৰ ঘৰত। ভাস্কৰ্য্যশিল্পত তেওঁৰ সহধৰ্মিনীয়েও উৎসাহ যোগোৱাৰ লগতে সহযোগিতাও আগবঢ়াই আহিছে ৷ এই পৰ্যন্ত কোনো ধৰনৰ চৰকাৰী সা সুবিধা পোৱা নাই ৷ কৰত, বটালী হাতুৰীকে ধৰি সামান্য দুই চাৰিপদ সামগ্ৰীৰে কাম চলাই আহিছে ৷ আৰ্থিক দুৰৱস্থাৰ হেতুকে প্ৰয়োজনীয় সা সামগ্ৰী সমুহ ক্ৰয় কৰিব পৰা নাই ৷ আকৰ্ষণীয় বিভিন্ন সামগ্ৰী সাজি উলিয়াইছে কিন্তু ৰং দিবৰ বাবে সামৰ্থ্য হোৱা নাই ভাস্কৰ্যশিল্পী গৰাকীৰ। সেয়েহে তেওঁ চৰকাৰক আহ্বান জনাইছে কিছু আৰ্থিক সহায়ৰ বাবে। ভাস্কৰ্যশিল্পৰ জৰিয়তে তেওঁ বিশ্বনাথৰ লগতে অসমবাসীলৈও গৌৰৱ কঢ়িয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে।

Byte কৃষ্ণকান্ত হাজৰিকা

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Aug 21, 2019, 3:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.