ETV Bharat / state

বিশ্বনাথৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত ২ অভিযুক্তক আটক

বিশ্বনাথ চাৰিআলিৰ মাজুলীগড় চাহ বাগিচা (Majuligarh Tea Estate)ৰ চিকিৎসক বসন্ত কুমাৰ গোস্বামী (Basanta Kumar Goswami)ক আক্ৰমণ কৰা ঘটনাৰে জড়িত থকাৰ অভিযোগত ২ জনক আটক । নিশা বিশ্বনাথ আৰক্ষীয়ে (Biswanath Police)দুয়োকে আটক কৰে । ধৃত লোক দুজন অজিত তাঁতি আৰু সুজিত তাঁতি ।

Police arrested two accused in Doctor attack case
বিশ্বনাথৰ চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত ২ অভিযুক্তক আটক
author img

By

Published : Jun 11, 2021, 10:42 AM IST

বিশ্বনাথ, ১১ জুন : বিশ্বনাথ আৰক্ষী (Biswanath Police)ৰ জালত পৰিল জ্যেষ্ঠ চিকিৎসক বসন্ত কুমাৰ গোস্বামী (Basanta Kumar Goswami)ক আক্ৰমণ কৰা ঘটনাৰে জড়িত ২ জন অভিযুক্ত । বুধবাৰে মাজুলীগড় চাহ বাগিচা (Majuligarh Tea Estate)ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ গোস্বামী (Basanta Kumar Goswami)ক বাগিছাৰ ভিতৰতে কেইজনমান লোকে আক্ৰমণ কৰিছিল ।

বৃহস্পতিবাৰে নিশা বিশ্বনাথ আৰক্ষী (Biswanath Police)য়ে বাগিছাখনত অভিযান চলাই এই ঘটনাৰে জড়িত মূল অভিযুক্তক আটক কৰে । ধৃত লোক দুজন ক্ৰমে অজিত তাঁতি আৰু সুজিত তাঁতি ৷ দুয়োৰে ঘৰ মাজুলীগড় চাহ বাগিছা(Majuligarh Tea Garden)ৰ ১০ নম্বৰ লাইনত ৷ ইফালে, চিকিৎসক আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি থানাত গোচৰ ৰুজু কৰা হৈছে ৷

উল্লেখ্য যে, ক'ভিড (Covid) সংক্ৰমণ ৰোধ কৰাৰ বাবে বাগিছাখনৰ দোকান-পোহাৰ বন্ধ কৰা হৈছিল আৰু ইয়াৰ পাছতে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে । পিছত ক্ষুদ্ধ শ্ৰমিকে ডাঃ বসন্ত কুমাৰ গোস্বামী (Basanta Kumar Goswami)ক নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ ইয়াৰ পূৰ্বে হোজাইৰ একাংশ উদণ্ড লোকৰ আক্ৰমণৰ বলি হৈছিল কনিষ্ঠ চিকিৎসক ডাঃ সেউজ সেনাপতি ।

লগতে পঢ়ক:বৰহোলা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.