ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ গুলীত আহত বনকৰ্মী

author img

By

Published : Apr 12, 2020, 7:01 PM IST

লক ডাউনৰ সুযোগ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ চোৰাংচিকাৰীৰ ৷ কৰ্তব্যৰত বনকৰ্মীক উদ্দেশ্যি গুলীচালনা চোৰাংচিকাৰীৰ ৷ গুলীত আহত এজন বনকৰ্মী ৷

poacher attacked forest guard
চোৰাং চিকাৰীৰ গুলীত আহত বনকৰ্মী

বিশ্বনাথ,১২ এপ্ৰিলঃ শনিবাৰে পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে চোৰাংচিকাৰীৰ এটা দলে ৷ বিশ্বনাথৰ সমীপৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজন এলেকাৰ পাণপুৰত সংঘটিত হয় এই ঘটনা ৷ কৰ্তব্যৰত বনকৰ্মীক দেখি গুলীচালনা কৰে চোৰাং চিকাৰীয়ে ৷ ফলত সোঁ-ভৰিত গুলী লাগি আহত হয় প্ৰাঞ্জল বৰচমুৱা নামৰ বনকৰ্মীজন ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষ গঁড় সুৰক্ষা বাহিনীৰ জোৱান প্ৰাঞ্জলক ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় ৷

উল্লেখ্য যে, প্ৰায় 7 জনীয়া চোৰাংচিকাৰীৰ দলটোৱে বনকৰ্মীক উদ্দেশ্যি গুলীচালনা কৰাত বনকৰ্মীসকলে প্ৰত্যুত্তৰ দিয়ে যদিও চোৰাং চিকাৰীৰ দলটোৱে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷ ঘটনাস্থলীৰ পৰা চোৰাং চিকাৰীয়ে এৰি যোৱা এটা বেগ আৰু এখন ডেগাৰ উদ্ধাৰ কৰা হয় ৷ ইতিমধ্যে অঞ্চলটোত কিছুদিনৰ পৰা কেইবাটাও গঁড়ে বিচৰণ কৰি আছে ৷ উক্ত তথ্যৰ ভিত্তিত চোৰাং চিকাৰীৰ দলটো উদ্যানখনত প্ৰৱেশ কৰা বুলি মন্তব্য কৰে বিভাগীয় বন বিষয়াই ৷

চোৰাং চিকাৰীৰ গুলীত আহত বনকৰ্মী

ইতিমধ্যে ঘটনা সন্দৰ্ভত বন বিভাগে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে চোৰাং চিকাৰীৰ দলটোৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ সম্প্ৰতি অঞ্চলটোত স্নিফাৰ ডগৰ সহায়ত বন বিভাগে তালাচী অভিযান আৰম্ভ কৰিছে ৷

লগতে চাওকঃ চৰকাৰক কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগ কৰিব সকলো ৰাজনৈতিক দলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.