বিশ্বনাথ,৪ মাৰ্চ: কেন্দ্ৰীয় নিৰ্বাচন আয়োগ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে আগন্তুক নিৰ্বাচনী কামত জড়িত সংশ্লিষ্ট সকলো বিষয়া-কৰ্মচাৰীয়ে ৭ মাৰ্চৰ ভিতৰত ল’ব লাগিব ক’ভিড প্ৰতিষেধক । বিশ্বনাথ জিলাৰ মুঠ ১৭ টা কেন্দ্ৰত নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীকলে ল’ব পাৰিব এই প্ৰতিষেধক । বৃহস্পতিবাৰে এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰে বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাই । এইক্ষেত্ৰত তেওঁলোকে ক’ভিড প্ৰতিষেধক কেন্দ্ৰলৈ আহোঁতে নিজৰ পৰিচয় পত্ৰ লগত লৈ অহাটো বাধ্যতামূলক বুলি প্ৰকাশ কৰে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ।
সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,খৰাশিমলু নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, বালিচাং আদৰ্শ চিকিৎসালয়, কাউৰিপথাৰ নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, হেলেম মহকুমা স্বাস্থ্যকেন্দ্ৰ, গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়, মাজিকুচি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ইটাখোলা নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, নাগশংকৰ নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, চতিয়া নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, হাৱাজান প্ৰসূতি আৰু শিশু কল্যাণ কেন্দ্ৰ, পাভৈ ৰাজ্যিক চিকিৎসালয় ,বৰগাং আদৰ্শ চিকিৎসালয়, জপৌবাৰী নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয় আৰু বিশ্বনাথ নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত সপ্তাহৰ আটাইকেইদিনেই এই সুবিধা গ্ৰহণ কৰিব পাৰিব ।
লগতে পঢ়ক:ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসৰ